Breaking

কামাখ্যা মন্দিৰত ভক্তৰ সামগ্ৰী চুৰি কৰা চোৰক আটক…

0 49

শক্তিপীঠ কামাখ্যা মন্দিৰত ভক্ত-যাত্ৰীৰ সামগ্ৰী চুৰি কৰি সন্ত্ৰাস চলাই অহা এজন চোৰক শনিবাৰে চি চি টি ভিৰ ফুটেজৰ ভিত্তিত আটক কৰা হৈছে। ধৃত চোৰটোক গুৱাহাটীৰ উলুবাৰীৰ আনোৱাৰ হুছেইন বুলি চিনাক্ত কৰা হৈছে। ধৃত চোৰটোৱে কামাখ্যা মন্দিৰলৈ অহা ভক্ত, যাত্ৰী বা পৰ্যটকৰ পৰা বিগত দিনত সুযোগ বুজি টকা পইচাৰ লগতে মবাইল ফোন চুৰি কৰি আহিছিল। ইয়াৰ উপৰিও এবাৰ ১০ হাজাৰ টকা, এবাৰ ১৪ হাজাৰ টকাকে ধৰি এনেদৰে কেইবাবাৰো চুৰি কাৰ্য চলাই আহিছিল।

শনিবাৰে দিনৰ ভাগত জালুকবাৰী আৰক্ষী আৰু কামাখ্যা আৰক্ষী চকীৰ যৌথ অভিযানত চোৰটোক আটক কৰা হয়। আনহাতে বিয়লি চোৰ আনোৱাৰ হুছেইনক কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱাত আদালতে তেওঁক
জেললৈ প্ৰেৰণ কৰে।

Leave A Reply

Your email address will not be published.