Breaking

শৰাইঘাট দলঙৰ সমীপত নিৰ্মাণ হ’ব তৃতীয় খন দলংঃ জালুকবাৰী, পাণ্ডু-সদিলাপুৰত ৰে’লৱেৰ বেদখলকৃত মাটিত আৰম্ভ হ’ব উচ্ছেদ অভিযান…

0 31

ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ আমিনগাঁওৰ পৰা কামাখ্যা ৰে’লৱে ষ্টেচনৰ মাজত ৰে’ল যাতায়াত ব্যৱস্থা ক্ষিপ্ৰতৰ কৰিবৰ বাবে ভাৰত চৰকাৰৰ ৰে’লৱে মন্ত্ৰণালয়ে ইতিমধ্যে সেউজ সংকেত প্ৰদান কৰিছে। সেই অনুসৰি চলিত বাৰিষাৰ পাছতে উত্তৰ পূব সীমান্ত ৰে’লৱেই তৃতীয়খন দুইলেনযুক্ত দুখলপীয়া দলং নিৰ্মাণ কৰিব। প্ৰস্তাৱিত দলংখনত শৰাইঘাটৰ পুৰণি দলঙৰ দৰে ৰে’ল আৰু বাহন চলাচলৰ ব্যৱস্থা থাকিব। উত্তৰ পূব সীমান্ত ৰেলৱেৰ এক সূত্ৰই সদৰি কৰা অনুসৰি শৰাইঘাটৰ পুৰণি দলঙৰে মাত্ৰ এখন ৰে’ল অহা-যোৱা কৰাৰ ব্যবস্থা থকা বাবে ব্ৰহ্মপুত্ৰৰ উত্তৰ দিশৰ পৰা গুৱাহাটীলৈ চলাচল কৰা ৰে’লৰ সময়সূচীত স্বাভাবিকতে বাধাৰ সৃষ্টি হৈ আহিছে। এই বাধা দূৰ কৰি ৰেলৰ গতি ক্ষিপ্ৰতৰ কৰিবৰ বাবে শৰাইঘাট দলঙৰ কাষতে এখন দুই বা তিনিলেন বা লাইনযুক্ত ৰেলপথৰ ব্যৱস্থা থকা আৰু পুৰণি দলঙৰ দৰে একেলগে ৰে’ল আৰু বাহন চলাচলৰ সুবিধা থকা দলং নিৰ্মাণ কৰাৰ বাবে ৰে’ল মন্ত্ৰণালয়ে সিদ্ধান্ত গ্ৰহণ কৰিছিল।

জানিব পৰা মতে প্ৰস্তাৱিত নতুন দলং নিৰ্মাণ কৰাৰ বাবে প্ৰয়োজনীয় মাটিৰ বাবে দৰকাৰ হোৱা বাবে জালুকবাৰীৰ পৰা শৰাইঘাটৰ দুয়োখন দলঙলৈ দুয়োফালে থকা জালুকবাৰী আৰু পাণ্ডু – সদিলাপুৰত বেদখল হৈ থকা ৰে’লৰ সকলো মাটিয়ে বেদখলমুক্ত কৰাৰ বাবে উচ্ছেদ অভিযান চলোৱা হ’ব। জানিব পৰা মতে ৰেলৱেৰ ফালৰ পৰা ৰাজ্য চৰকাৰক এই সম্পৰ্কীয় প্ৰস্তাৱ দিছে আৰু ৰাজ্য চৰকাৰেও এই প্ৰস্তাৱত সন্মতি প্ৰদান কৰিছে। আগন্তুক যিকোনো দিনতে বা সময়ত জিলা প্ৰশাসন আৰু আৰক্ষীৰ সহযোগত ৰে’লৱেই পাণ্ডু – সদিলাপুৰত ব্ৰহ্মপুত্ৰৰ দক্ষিণ দিশত শৰাইঘাটৰ দুয়োখন দলঙৰ তলত পাণ্ডু নদী আৰক্ষী চকী আৰু গেমনৰ কাৰ্যালয়ৰ গাতে লগা অঞ্চলৰ লগতে শৰাইঘাট দলঙৰ পৰা জালুকবাৰীলৈ ৰে’লপথ আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত থকা সকলো বেদখলীকৃত মাটিত ব্যাপক উচ্ছেদ অভিযান চলাব। উল্লেখ্য যে পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ আমোলত ৰাজনৈতিক পৃষ্ঠপোষকতাত আৰম্ভ হোৱা বেদখলকাৰ্যত একাংশ সন্দেহজনক নাগৰিক জড়িত হৈ আছে। আনকি বহু অপৰাধীৰ আশ্ৰয়স্থল হিচাপে পৰিগণিত হৈ আহিছে সেই অঞ্চল সমূহ। যাৰ বাবে জালুকবাৰী কেন্দ্ৰীয় নাগৰিক কমিটিকে ধৰি জালুকবাৰী অঞ্চলৰ সকলো শ্ৰেণীৰ সচেতন লোকে ৰাজ্য চৰকাৰ আৰু ৰে’ল বিভাগক তাত উচ্ছেদ অভিযান চলাবলৈ দাবী জনাই আহিছে।

Leave A Reply

Your email address will not be published.