‘হোটেল লিলিত বিৰোধীৰ এয়া দ্বিতীয়টো পিকনিক’…

১৩টা বিৰোধী ৰাজনৈতিক দলৰ সভা গুৱাহাটী হোটেল লিলিত চলি আছে। এই সন্দৰ্ভত বিজেপিৰ নেতা সকলে বিভিন্ন মন্তব্য আগবঢ়াইছে। ভৱেশ কলিতাই কয় ‘হোটেল লিলিত বিৰোধীৰ এয়া দ্বিতীয়টো পিকনিক’। পিকনিক খায় থাকক তেওঁলোকে। জনতাৰ কি হৈছে তেওঁলোকৰ খবৰ নাই।’ আনহাতে মন্ত্ৰী পীযূষ হাজৰিকাই কয় ‘লোকসভা নিৰ্বাচনত আমি ১১খন আসনত জিকিমেই। ৰাইজ আমাৰ লগত আছে। নির্বাচনলৈকে বিৰোধী ঐক্য নাথাকে’।

লগতে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কয় ‘কংগ্ৰেছে ভাল কাম কৰিব পৰা নাছিল বাবে কংগ্ৰেছ দল এৰি বিজেপি দলত যোগদান কৰিলো। দুয়োপক্ষৰ মাজত ফুটবল খেল হ’লে প্ৰথমতো গ’ল ময়েই দিম’।

Related Articles