কৰিমগঞ্জ
হত্যাকাৰিক গ্ৰেপ্তাৰৰ দাবীত পথ অৱৰোধ কৰিমগঞ্জ জিলাৰ ৰাতাবাৰী বিধানসভা সমষ্টিৰ নিভিয়া এলেকাত । দোষীক গ্ৰেপ্তাৰ কৰাত ব্যৰ্থ হোৱা আৰক্ষীৰ বিৰুদ্ধে ব্যাপক ক্ষোভ প্ৰকাশ কৰিমগঞ্জৰ নিভিয়া এলেকাৰ ৰাইজৰ। হত্যাকাণ্ডৰ এসপ্তাহ অতিক্ৰম কৰিলেও দোষীক কৰায়ত্ব কৰি নোৱাৰাৰ প্ৰতিবাদত ফানাইৰবন্দত দুল্লভছড়া-নিভিয়া গড়কপ্টানি পথ অৱৰোধ কৰিলে ক্ষোভিত ৰাইজে। উল্লেখ্য, যোৱা ৪জুন তাৰিখ এলাকাৰ চাহ বাগিচাৰ এগৰাকি মহিলাৰ বিবস্ত্ৰ মৃতদেহ উদ্ধাৰ হৈছিল। পৰৱৰ্তিত মহিলাগৰাকী গাঁওৰ বিধবা মহিলা নন্দা ৰানি নমসুদ্ৰ বুলি চিনাক্ত হৈছিল। হত্যাকাৰিৰো উমান পাই আৰক্ষী সহ স্থানীয় বিধায়কক অৱগত কৰিছিল স্থানীয় ৰাইজে । কিন্তু ঘটনাৰ এসপ্তাহ পাৰ হৈ যোৱাৰ পাছত আজিলৈকে দোষীক গ্ৰেপ্তাৰ নকৰাৰ বাবে জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজ। পথ অৱৰোধ কৰে স্থানীয় মহিলা পুৰুষে। স্থানীয় ৰাইজৰ মতে এজন স্থানীয় যুবকৰ অহা যোৱা আছিল মহিলাগৰাকীৰ ঘৰত। ঘটনা সংঘটিত হোৱাৰ পাছত যুৱক জনে গাঁওৰ কিছু লোকক ফোন কৰি খবৰ ও লৈছিল বুলি জনায় ৰাইজে। ইপিনে তিনিদিন পূৰ্বে স্থানীয় বিধায়ক বিজয় মালাকাৰে মহিলা গৰাকীৰ ঘৰত গৈ খবৰ লোৱাৰ লগতে দুদিনৰ ভিতৰত দোষীক তথা হত্যাকাৰীক আটক কৰা হব বুলি ৰাইজক আশ্বাস দি আহিছিল যদিও আজি পৰ্যন্ত আটক নকৰাত এলেকাৰ ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি হোৱাত আজি ৰাইজে পথ অবৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। লগতে হত্যাকাৰীক শীঘ্ৰে গেপ্তাৰ কৰাৰ দাবী জনায়।