Breaking

আন স্থানলৈ স্থানান্তৰিত কৰাৰ দিহা ডিব্ৰু-ছৈখোৱা অভয়াৰণ্যৰ ভিতৰত বাস কৰা সহস্ৰাধিক পৰিয়ালক…

0 16

দৈনন্দিন বাৰ্তা ডিজিটেলঃ বিধানসভাৰ শৰতকালীন অধিৱেশনৰ সময়ত বৃহস্পতিবাৰে বিধায়ক পোনাকণ বৰুৱাই পৰিৱেশ আৰু বন বিভাগৰ মন্ত্ৰীক ডিব্ৰু-ছৈখোৱা অভয়াৰণ্য সন্দৰ্ভত কেইবাটাও প্ৰশ্ন কৰে৷ ডিব্ৰু-ছৈখোৱা অভয়াৰণ্যখনক ১৯৯৯ চনত ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীতকৰণ কৰাৰ সময়ত অৰণ্যখনৰ মাটিকালি কিমান আছিল? কিমান অংশত বনাঞ্চল আছিল আদি প্ৰশ্নসমূহ বিধায়কগৰাকীয়ে কৰে৷ তেওঁ লগতে কৰা আন কেইটামান প্ৰশ্ন হৈছে- ১৯৯৯ চনৰ পিছত অঞ্চলটোত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ দ্বাৰা সৃষ্টি হোৱা বান-খহনীয়া বেদখলৰ ফলত সম্প্ৰতি ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি কিমান পৰিমাণৰ আছেগৈ? কাঠৰ চোৰাং বেপাৰীৰ দ্বাৰা আৰু খহনীয়াৰ ফলত কিমান মাটি কালিত বনাঞ্চল ৰৈছেগৈ? বান-খহনীয়া, বেদখল, মানৱসৃষ্ট পৰিস্থিতিৰ পৰা উদ্যানখনক ৰক্ষা কৰিবলৈ চৰকাৰে কিবা ব্যৱস্থা লৈছেনে? উদ্যানখনত কি কি জীৱ-জন্তু, পশু-পক্ষী পোৱা যায় ? ২০২২ বৰ্ষৰ পৰা বৰ্তমানলৈ অহা পৰ্যটকৰ তালিকা সদনক জনাব৷ ডিব্ৰু-ছৈখোৱাত পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ কি আছে ? অমৃত বৃক্ষ আন্দোলনেৰে ৰাজ্যখনক সেউজীয়া কৰিবলৈ গ্ৰহণ কৰা যুগান্তকাৰী পদক্ষেপৰ অংশ হিচাপে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত ব্যাপক হাৰত বনানীকৰণৰ ব্যৱস্থা কৰিব নেকি? ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ বনাঞ্চল, জীৱ-জন্তু, পশু-পক্ষীসমূহৰ সুৰক্ষাৰ বাবে চৰকাৰে কি ফলপ্ৰসু ব্যৱস্থা লৈছে, বিতংকৈ জনাব৷ পোনাকণ বৰুৱাৰ এনেবোৰ প্ৰশ্নৰ উত্তৰত পৰিৱেশ আৰু বন বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে এইদৰে উত্তৰ দিয়ে- ডিব্ৰু-ছৈখোৱা অভয়াৰণ্যখনক ১৯৯৯ চনত ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীতকৰণ কৰাৰ সময়ত ৩৪০ বৰ্গ কিঃ মিঃ মাটিকালি আছিল ৷

ইয়াৰ ৩৫.৮৪ শতাংশ বনাঞ্চল [গছ-গছনি সমৃদ্ধ] আছিল৷ বিভাগীয় ভাবে সংগৃহীত ২০২৩ চনৰ উপগ্ৰহ চিত্ৰকল্প তথ্য অনুসাৰে বৰ্তমান ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি ২১৬.৫৩ বৰ্গ কিঃমিঃ৷ অৰ্থাৎ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ ঘোষিত সৰ্বমুঠ ৩৪০ বৰ্গ কিঃমিঃ মাটিকালিৰ ১২৩.৪৭ বৰ্গ কিঃমিঃ গৰাখহনীয়াত ক্ষতিগ্ৰস্ত হৈছে ৷ তদুপৰি অভয়াৰণ্য খনৰ ৬.৫৩ বৰ্গ কিঃমিঃ বৰ্তমানে বেদখলৰ কৱলত আছে৷ কাঠৰ চোৰাং বেপাৰীৰ দ্বাৰা বনাঞ্চল কমাৰ কোনো বিতং তথ্য মজুত নাই যদিও খহনীয়াৰ ফলত ৰাষ্ট্ৰীয় উদ্যানৰ বৰ্তমান অৱস্থিতি সৰ্বমুঠ মাটি কালি ২১৬.৫৩ বৰ্গ কিঃমিঃ মাটিৰ ৩৮ শতাংশ ভূ-খণ্ড গছ-গছনিৰে সমৃদ্ধ বনাঞ্চল বৰ্তি আছে৷ বান-খহনীয়া ৰোধৰ ব্যৱস্থাৰ বাবে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ কাৰণে ২০২৪-২৫১ পৰা ২০৩৩-৩৪ বৰ্ষৰ বাবে প্ৰস্তুত কৰা ‘ব্যৱস্থাপনা পৰিকল্পনা’ত আৱশ্যকীয় বিধান সন্নিৱিষ্ট কৰাৰ লগতে তাৰ বাবে আৱশ্যকীয় ধনৰ প্ৰয়োজনীয়তা উল্লেখ কৰা হৈছে ৷ এইক্ষেত্ৰত খহনীয়া ৰোধৰ বাবে উদ্যান কতৃৰ্পক্ষই সংশ্লিষ্ট বিভাগ আৰু জিলা দুৰ্যোগ ব্যৱস্থাপনা কতৃৰ্পক্ষ তথা বিশেষজ্ঞৰ সহায়-সহযোগিতা আৰু পথ প্ৰদৰ্শনৰ দ্বাৰা বাৰ্ষিক দুৰ্যোগ ব্যৱস্থাপনা পৰিকল্পনা প্ৰস্তুত কৰা বিধান ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ উক্ত ‘ব্যৱস্থাপনা পৰিকল্পনা’ত সন্নিৱিষ্ট৷ হৈ আছে৷ উদ্যানৰ ভিতৰত অৱস্থিত লাইকা [৫৪৩টা পৰিয়াল] আৰু দধিয়া [৬৭৫টা পৰিয়াল] বন গাঁও দুখনৰ পৰিয়ালসমূহক তাৰ পৰা বিতাৰণ কৰি আন স্থানলৈ স্থানান্তৰ কৰাৰ প্ৰক্ৰিয়া গ্ৰহণ কৰা হৈছে৷ যোৱা বছৰ লাইকাৰ পৰা সৰ্বমুঠ ৫৪৩ টা পৰিয়ালৰ মাজৰ ১৬০ টা পাৰয়ালক তিনিচুকীয়া জিলাৰ ডিগবৈ সংমণ্ডল [প্ৰাদেশিক] ৰ অধীনৰ নামফাই বনাঞ্চলৰ ৭২ হেক্টৰ মাটিত সংস্থাপিত কৰা হৈছে আৰু বাকী থাকা ৩৮৩ টা পৰিয়ালক ইতিমধ্যে পাহাৰপুৰ সংৰক্ষিত বনাঞ্চলৰ ১৬৬ হেক্টৰ মাটিত স্থানান্তৰ কৰাৰ প্ৰক্ৰিয়াহে কৰা হৈছে৷ আনহাতে, মানৱ সৃষ্ট বেদখল ৰোধ কৰাৰ বাবে উদ্যান কতৃৰ্পক্ষই সদায় সচেতন আৰু সষ্টম হৈ থাকে৷ উদ্যানৰ ভিতৰত সদায় আগশাৰীৰ কৰ্মচাৰীসকলে অহৰ্নিশে পহৰা দি থাকে৷ উদ্যানৰ ভিতৰত অবৈধকাৰ্য প্ৰতিৰোধ কৰাৰ বাবে ঠায়ে ঠায়ে চোৰাং চিকাৰ প্ৰতিৰোধী বন শিবিৰ স্থাপন কৰা হৈছে আৰু তাত বন কৰ্ম নিয়োগ কৰা হৈছে৷ তদুপৰি নিয়মিতভাৱে আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ পৰা টহলদাৰী দলে উদ্যানৰ ভিতৰত পহৰাৰ ব্যৱস্থা কৰি থাকে ৷ উদ্যানখনত বিপন্ন, অতিশয় বিপন্ন আৰু বিপদসংকুল প্ৰজাতিৰ জীৱ-জন্তু তথা পশু-পক্ষী বিদ্যামান৷ তাৰ ভিতৰত হাতী, বনৰীয়া ম’হ, হলৌ বান্দৰ, নাহৰফুটুকী বাঘ, বন ঘৰচীয়া ঘোঁৰা, বন গাহিৰ, মাছ চিকাৰী মেকুৰী, ডুৰা কাঁছ, বিভিন্ন প্ৰজাতিৰ বান্দৰ, পহু ইত্যাদি জীৱ-জন্তু আৰু উলুম’ৰা, ধনেশ, দুখান প্ৰজাতিৰ শত ফেওঁহাহ ইত্যাদি প্ৰজাতিৰ চৰাই বিদ্যামান৷ তদুপৰি নৱেম্বৰ মাহৰ বিভিন্ন পৰিভ্ৰমী চৰাইৰ উদ্যানখনলৈ আগমন ঘটে৷ মন্ত্ৰীগৰাকীয়ে লগতে কয়- অমৃত বৃক্ষ আন্দোলনৰ মুখ্য উদ্দেশ্য হৈছে জনসাধাৰণৰ সক্ৰিয় অংশগ্ৰহণৰ দ্বাৰা বনাঞ্চলৰ বাহিৰত গছপুলি ৰোপণৰ এক দৃঢ় পদক্ষেপ৷

লগতে পঢ়কঃ বড়োভূমিত তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন বিজেপি! এই প্ৰত্যাহ্বান আহিছে খোদ বিজেপিৰেই মিত্ৰ ইউপিপিএলৰ পৰা…

ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখনৰ বনাঞ্চল, জীৱ-জন্তু, পশু-পক্ষীসমূহৰ সুৰক্ষাৰ বাবে বৰ্তমান দুটা আঞ্চলিক বিষয়াৰ কাৰ্যালয় [গুইজান আৰু ছৈখোৱা] আৰু বীট বন বিষয়াৰ কাৰ্যালয় প্ৰতিষ্ঠা কৰা হৈছে৷ আঞ্চলিক বন বিষয়াৰ কাৰ্যালয় দুটাৰ অধীনত বিভিন্ন স্থানত স্থায়ী চোৰাং চিকাৰ প্ৰতিৰোধী বন শিবিৰ আছে৷ তদুপৰি শৰালি আৰু উলুম’ৰা নামৰ দুখনৰ উপৰি চিকাৰী প্ৰতিৰোধী বন শিবিৰ [Floating Camp] নিৰ্মাণ কৰা হৈছে৷ এই বন শিবিৰবোৰত আগশাৰীৰ বন কৰ্মচাৰীৰ লগতে অসম বন সুৰক্ষা [সশস্ত্ৰ] বাহিনীৰ জোৱান, অস্থায়ী কৰ্মচাৰী, গৃহৰক্ষী বাহিনী নিয়োগ কৰা হৈছে৷ আনহাতে, ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাৰীয়া গাঁওসমূহক সামৰি প্তখন পৰিৱেশ উন্নয়ন সমিতি গঠন কৰা হৈছে আৰু এই সমিতিসমূহক চৰকাৰী অনুদানৰ দ্বাৰা সজাগতা বৃদ্ধিৰ সভা অনুষ্ঠিত কৰি ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখনৰ সুৰক্ষা আৰু সংৰক্ষণৰ দিহা কৰা হৈছে৷ তদুপৰি ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষাৰ বাবে আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত সদ্যপ্ৰস্তুত ২০২৪- ২৫১ পৰা ২০০০-৩৪ ব্যৱস্থাপনা পৰিকল্পনা আৰু ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত বিভিন্ন স্থানত ১২টা নতুন স্থায়ী চোৰাং চিকাৰী প্ৰতিৰোধী বন শিবিৰ, ২০খন দেশীয় নাও, জ্জ্বখন চালিত নাও, নিৰীক্ষণ টাৱাৰ নিৰ্মাণৰ লগতে ওখ স্থান নিৰ্মাণ কৰাৰ বাবেও প্ৰস্তাৱ ৰখা হৈছে৷ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখন বিভিন্ন নদী-উপনদী যেনে- লোহিত, চিয়াং, ব্ৰহ্মপুত্ৰ, ডিব্ৰু ডিবাং আদি নৈপৰীয়া স্থানত অৱস্থিত৷ সেয়ে এই ৰাষ্ট্ৰীয় উদ্যানখন বিে¸শষকৈ বাৰিষা কালত বানপানীৰ কবলত পৰে৷ বানপানীৰ সময়ত বন্যপ্ৰাণীসমূহৰ আশ্ৰয় স্থলৰ অভাৱ হয়৷ ইয়াৰ উপৰি বাৰিষা কালত জীৱ-জন্তু উদ্ধাৰ কৰিব পৰা ৰবৰৰ যন্ত্ৰচালিত নাও যোগান ধৰাৰ বাবে অসম দুৰ্যোগ ব্যৱস্থাপনা কতৃৰ্পক্ষক তিনিচুকীয়া জিলাৰ দুৰ্যোগ ব্যৱস্থাপনা কতৃৰ্পক্ষৰ জৰিয়তে অনুৰোধ জনোৱা হৈছে বুলিও মন্ত্ৰী পাটোৱাৰীয়ে কয়৷

published by: munmi gogoi

Leave A Reply

Your email address will not be published.