ম’হৰ শিঙ একুৰা, ম’হৰ শিঙ বেকুৰা, ম’হৰ শিঙ ভাঙিলে যুঁজত: ম’হ ৰখা গোৱালক, জোকাই তই নলবি, নাকটি চিঙিব কোবত”– অসমীয়া পৰম্পৰাগত ভোগালীৰ ঐতিহ্যবহনকাৰী গীত গাই উৎফুল্লিত ম’হগোৱালৰ প্ৰচেষ্টাত আজি মাঘৰ পহিলা দিনটোত ৰহাৰ নিকটৱৰ্তী দেওবালি কলংপাৰ পথাৰত অনুষ্ঠিত হ’ল ম’হযুঁজ। উচ্চতম ন্যায়ালয়ৰ নিষেধাজ্ঞা স্বত্বেও স্থানীয় গোৱাল সকলৰ নেৰা নেপেৰা প্ৰচেষ্টাত প্ৰায় কুৰি হাল গোনা-দমৰা ম’হৰ খোজত কপি উঠিল দেওবালি কলংপৰা পথাৰ ।
দুই ম’হৰ শিঙৰ খট্ খটনিত, দৰ্শকৰ কিৰিলিত যেন বল পাই ফেপেৰি পাতি নিজকে জয় কৰিবলৈ প্ৰতিদন্দিৰ সৈতে যুঁজত নামিল গোনা-দমৰা। প্ৰায় ১৭ মিনিট সময় যুঁজ দি ৰাইজক আমোদ দিলে প্ৰথম স্থানো দখল কৰিলে দুটি ম’হে। কি জীয়ৰী-কি বোৱাৰী, ডেকা-বুঢ়া সকলোৱে ঢাপলি মেলিছে ম’হ যুঁজলৈ। এয়াই হ’ল অসমীয়াৰ জাতীয় পৰম্পৰা। অন্যহাতে অনানুস্থানিক ভাৱে গোৱালসকলে ম’হযুঁজ অনুষ্ঠিত কৰিলে ঐতিহাসিক আঁহতগুৰিত। আনুষ্ঠানিক ভাৱে অনুষ্ঠিত কৰাত জিলা প্ৰশাসনৰ বাধা স্বত্বেও গোৱাল সকলে মিলি ম’হৰ যুঁজ দেখুৱালে সহস্ৰাধিক ৰাইজক। পুৱাৰে পৰা ম’হৰ গোৱাল সকলে পথাৰৰ দল ঘাঁহ খুৱাই নোদোকা কৰি গৰল ( গল বিচনি ) উঠোৱা ম’হটোক নৈ, বিলত গাধোৱাই শিঙত মিঠাতেল খানি ,ডিঙিত ফুলৰ মালা , শিঙত গামোচা বান্ধি, চকু , গা, আদিত সেন্দুৰ সানি যুঁজলৈ ঢোলে ঢগৰে ৰাওনা হয় ।
পাতি ঢোলৰ চেৱে চেৱে এখন হাতত ম’হটোৰ নাকিডাল , আনখন হাতত ভলুকা বাঁহৰ ৯ টা গাঁঠি থকা ,বেতেৰে মাজে মাজে বিশেষ বান্ধ দি নিপুণ লোকে নিৰ্মাণ কৰা লাখুটি ডাল লৈ এখন ভৰি মাজে মাজে ডাঙি বিশেষ ভঙ্গীত নাচি নাচি যুঁজলৈ আগবাঢ়ে । যুঁজখনত সমবত সকলৰ আগত ম’হ সহ গোৱালে আঠু লৈ মূল যুজলৈ আগবাঢ়ে। পাকৈত গোৱালে ম’হৰ উচ্চতা, ডিঙিৰ জোখ , শিঙৰ আকাৰ চাই জোৰ মিলাই যুঁজৰ বাবে সাজু কৰে । ম’হৰ গোৱালে পথাৰৰ এফালৰ পৰা ম’হটোৰ নাকীত ধৰি খেলপথাৰৰ মাজলৈ আনে । প্ৰতিপক্ষ ম’হটোকো গিৰিহঁত গোৱালে একে প্ৰদ্ধতিৰে পথাৰৰ মাজত কান ঠিয় কৰি মূৰ ওপৰলৈ তুলি ৰৈ থকা ম’হটোক দেখুৱাই ওচৰলৈ আনে । দুয়োটা ম’হেই ইটোৱে সিটোৰ শক্তিৰ ওমান লৈ থকা অৱস্থাতে গোৱালে ম’হৰ লাখুটি ডালেৰে প্ৰতিপক্ষ ম’হটোৰ কাষলৈ আনি ধৰ বুলি কোৱাৰ লগে লগে দুয়োটা মহেই প্ৰচণ্ড জোৰে মূৰ আগলৈ কৰি ইটোৱে সিটোক থেলি আক্ৰমণ কৰে।
শিঙৰ খটক খটক শব্দ অহাৰ লগে লগে ম’হৰ গোৱালে হাতত সামৰি ৰখা ম’হটোৰ নাকী আৰু লাখুটি ডাল লৈ বিশেষ ভঙ্গীত এখন ভৰি ডাঙি নাচি উঠে । হাতৰ লাখুটিৰে মাটিত খুচি ধৰ ধৰ শব্দৰ গোৱালে কোৱাৰ বাবে শিঙত শিং লগাই থৰ হৈ ক্ষন্তেক ৰৈ থকা ম’হদুটাই পুনৰ “লৰাখুণ্ডা” মাৰি শিঙেৰে ইটোৱে সিটোত খুচিবলৈ চেষ্টা কৰাৰ লগে লগে যুঁজখন দীঘলীয়া হৈ পৰে । গোৱাল আত্মহাৰা হৈ পৰে , উপস্থিত দৰ্শকে চিঞৰি ম’হ দুটাক উদ্গনি যোগাই । আহত হৈ শৰীৰৰ পৰা শিঙৰ খুচত তেজ ওলোৱা ম’হ দুটাই কোনে কাক কিমান খুচিব পাৰে , কোনে কাক পিছলৈ থেলি নিব পাৰে তাতেই ব্যস্থ হৈ পৰাৰ সময়তে এটা ম’হে যুঁজ এৰি হঠাতে পলাবলৈ ধৰে । এটো ম’হে পলাবলৈ ধৰা ম’হটোক পিছে পিছে খেদি নিয়ে । এই ভয়াবহ আৰু ৰোমাঞ্চকৰ যুঁজৰ পাছত ম’হ শান্ত হয় আৰু গোৱালে বশ কৰি কৃষি কামত ম’হক লগাই । এই ভয়াবহ আৰু ৰুমাঞ্চকৰ যুঁজ খন চাবলৈকে বহুহেজাৰ লোক সমবেত হয় যুঁজস্থলিত ।
প্ৰেৰক , বুলন চন্দ্ৰ নাথ। ৰহা ।