Breaking

ৰ’দত শুকাই বৰষুণত তিতিছে বোকাখাতৰ কৃষকৰ শ্ৰমৰ প্ৰাচুৰ্য,দৰ নাপাই চোতালতে পৰি ৰৈছে হাজাৰ কুইন্টল ৰঙালাউঃ

0 2,041

ৰাজ্যখনৰ আন আন অঞ্চলৰ লগতে বাৰিষা উপৰ্যুপৰি অহা বানত ডুব যায় বোকাখাত মহকুমা। কৃষিৰ প্ৰচুৰ সম্ভাৱনা থকাৰ পাছতো মহকুমাটোৰ কৃষক সকলে বছৰটোৰ ভালেখিনি সময় বানপানীৰ লগতে বন্যজন্তুৰ উপদ্ৰৱ, খৰাং আদি অলেখ সমস্যাৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আহিছে। যোৱা বছৰ কেইটাৰ দৰে এইবাৰ অনুৰূপ সমস্যাৰ সন্মুখীন হৈছে বোকাখাত মহকুমাৰ বহু কৃষক তথা কৃষি গোট সমূহ। বিশেষকৈ এইবাৰ বোকাখাত মহকুমাৰ নৈপৰীয়া কৃষক সকলে বহলুৱা ভিত্তিত ৰঙালাও খেতি কৰি যথেষ্ট উৎপাদন কৰিলে যদিও বৰ্তমান উপযুক্ত বজাৰৰ অভাৱত মূৰে কপালে হাত দিব লগীয়া হৈছে। মহকুমাটোৰ ধনশিৰি আৰু ব্ৰহ্মপুত্ৰৰ পাৰৰ উৰ্বৰ কৃষি ভূমিত কৃষক ৰাইজে ধান, মাহ, সৰিয়হ ,আলু, কচু, কবি, মটৰ আদি বহু কৃষি কৰ্মৰে স্বাৱলম্বী হোৱাৰ মানসেৰে আত্মনিয়োগ কৰি আহিছে যদিও ইতিমধ্যে বহু চৰ্চিত ‘পথাৰ আমাৰ বজাৰো আমাৰ’ আপ্ত কথাষাৰে কৃষক সমাজক যেন ভেঙুচালিহে কৰিছে। কৰ’না-কালীন সময়ত আৰু চৰকাৰী বাধা নিষেধে এইবাৰো মাধমাৰ শোধাইছে বোকাখাতৰ কৃষকৰ মূৰত। উপযুক্ত দৰ আৰু বজাৰ নাপাইপথাৰতে নষ্ট হৈছে কুইন্টলে কুইন্টলে, টনে টনে ৰঙালাউ। ৰ’দত শুকাই, বৰষুণত তিতিছে কৃষকৰ শ্ৰমৰ প্ৰাচূৰ্য। চোতালত দ’মাই থোৱা ৰঙালাউৰ এতিয়া দাম নাই। ৪, ৫, ৬ টকা দৰত বেচিব লগা হৈছে ৰঙালাউ। মূৰৰ ঘাম মাটিত পেলাই বিশাল ব্যয়েৰে ব্যৱসায়িক লাভৰ আশাৰে বৃহৎ পৰিমাণৰ মাটিত ৰঙালাউ খেতি কৰি, এতিয়া খেতি চপোৱাৰ বতৰত মূৰে কপালে হাত দিছে বোকাখাতৰ মৰিয়াহোলাৰ কৃষকে। অঞ্চলটোৰউদ্যমী যুৱ কৃষক ললিত দত্তই উৎপাদন কৰিছে প্ৰায় তিনি হাজাৰ কুইন্টল ৰঙালাউ। কিন্তু বজাৰ নাই। মৰিগাঁও নগাঁৱৰ একাংশ মধ্যভোগী বেপাৰীক হাতে ভৰিয়ে ধৰি ৪ টকা,৫ টকা,৬ টকা কেজি দৰত বিক্ৰী কৰিছে ৰঙালাউ। এনেকুৱা পৰিস্থিতিত পৰি উপায়ান্ত কৃষক ৰাইজে উৎপাদিত ফচল বিক্ৰী কৰিব লগীয়াত পৰিছে নগন্য দৰত।  ললিত দত্তই প্ৰায় এহেজাৰ কুইন্টল ৰঙালাউ বিক্ৰী কৰিছে। পাঞ্জাৱ বডী ট্ৰাকেৰে দুই ট্ৰাক ৰঙালাউ পঠাইছে কলিকতালৈ। দত্তই জনাইছে যে যোৰহাট, দেৰগাঁও,বোকাখাতৰ বজাৰতো বিক্ৰী হৈছে কিছু ৰঙালাউ। ইফালে অঞ্চলটোৰ ঘৰে ঘৰে চোতালতে পৰি আছে কেইবাহাজাৰ কুইন্টল ৰঙালাউ। বৰ্তমান ঘৰুৱা বজাৰ কৰোনা কালীন  বন্ধৰ বাবে স্তব্ধ হৈ পৰিছে। এবেলা  বজাৰ বহিলে পাইকাৰী বজাৰত বহুত লোকচান হয় বুলি তেওঁ জানিবলৈ দিয়ে। যোৱা বছৰ লকডাউনৰ সময়ত বোকাখাতৰ বিধায়ক তথা কৃষি মন্ত্ৰী অতুল বৰাৰ প্ৰত্যক্ষ সহযোগত এইসকল কৃষকে  উৎপাদিত ফচল বিক্ৰীৰ সুবিধা পাইছিল । এইবাৰো সংকতৰ সময়ত মন্ত্ৰী গৰাকীৰ প্ৰত্যক্ষ সহযোগিতা কামনা কৰিছে মহকুমাটোৰ কৃষকে।

Leave A Reply

Your email address will not be published.