Breaking

জুবিন গাৰ্গৰ গীতত হাজাৰ হাজাৰ দৰ্শকে ককাল ঘুৰাই ঘুৰাই নাছিলে উৰে নিশা

0 1,126

বিহালীত অসমৰ যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ।জুবিন গাৰ্গৰ গীতত হাজাৰ হাজাৰ দৰ্শকে ককাল ঘুৰাই ঘুৰাই নাছিলে উৰে নিশা।দ্বিতীয় বাৰৰ বাবে দেখা গ’ল বিহালীত জনপ্ৰিয় কণ্ঠশিল্পী গৰাকীৰ সংগীতানুষ্ঠান।বৰগাং কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনত জুবিন গাৰ্গ,প্ৰয়াত কুলধৰ দত্ত আৰু লাৱণ্য দত্ত সোঁৱৰণি মঞ্চত গীত পৰিবেশন জুবিন গাৰ্গৰ।ৰঙালী উছাহত উদুলি-মুদুলি ৰাজ্য,বিহালী সমষ্টিৰ বৰগাং কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ সোণালী জয়ন্তী বৰ্ষ প্ৰয়াত কুলধৰ দত্ত আৰু লাৱণ্য দত্ত সোঁৱৰণী মঞ্চত যোৱা নিশা প্ৰাণ ঢালি গীত পৰিবেশন কৰিলে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী তথা যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে।প্ৰিয় শিল্পীগৰাকীৰ সংগীতানুষ্ঠান চাবলৈ বিহালীৰ লগতে বিশ্বনাথ , লক্ষীমপুৰ জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা ভিৰ অনুৰাগীৰ । লগতে উক্ত বিহু অনুষ্ঠানত উপস্থিত্ব থাকে অসম চৰকাৰৰ প্ৰাক্তন মন্ত্রী তথা বিহালী সমষ্টি বৰ্তমান বিধায়ক ৰঞ্জিত দত্ত , বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ আৰু জিলাখনৰ লগতে বিহালী সমষ্টি বহু গণ্যমান্য ব্যক্তি সকল।

সামৰণি কাৰ্য্যসূচীত অজস্ৰ বিহু প্ৰেমি ৰাইজৰ সমাগম দেখা লগতে জুবিন গাৰ্গৰ গীতৰ চন্দত সুৰীয়া মুৰ্চনাই জিপাল কৰি তুলিছিল সমগ্ৰ বিহালী বৰগাঙ অঞ্চল ।

Leave A Reply

Your email address will not be published.