Breaking

দেৰগাঁও লেখিকা সমাৰোহ সমিতিৰ গ্ৰন্থ উন্মোচনী সভা সম্পন্ন : তিনি গৰাকী লেখিকাৰ চাৰিখনকৈ গ্ৰন্থ উন্মোচন

0 2,063

দেৰগাঁও ২৮ ডিচেম্বৰঃ দেৰগাঁও লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত দেৰগাঁও ক্ৰীড়া সন্থা ভৱনত ২৭ ডিচেম্বৰত এখনি গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়। প্ৰাক্তন শিক্ষা বিষয়া যতীন্দ্ৰ নাথ নেওগে সভাপতিত্বত কৰা সভাখনিত তিনি গৰাাকী বিশিষ্ট লেখিকাৰ চাৰিখনকৈ গ্ৰন্থ উন্মোচন কৰা হয়। লেখিকা সমাৰোহ সমিতিৰ সম্পাদিকা অনিমা দেৱী বৰঠাকুৰে আঁতধৰা গাম্ভীয্যপূৰ্ণ সভাখন উদ্বোধন কৰে বিশিষ্ট ভাষাতত্ববিদ তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰাধ্যাপক ডঃ নগেন ঠাকুৰে।অসমীয়া সাহিত্যৰ বিভিন্ন দিশৰ ওপৰত বক্তব্য ৰাখি ডঃ ঠাকুৰে বৰ্তমান অসমীয়া সাহিত্যত নাৰীৰ আধিপত্য চলা বুলি মন্তব্য কৰে।পুৰুষৰ তুলনাত সম্প্ৰতি বহুকেইগৰাকী নাৰী লেখিকাই অসমীয়া সাহিত্য লৈ উল্লেখনীয় অৱদান আগবঢ়াইছে বুলি ব্যক্ত কৰি তেও সমাজৰ সৰ্বদিশতে নাৰীসকলৰ অগ্ৰগতিত সন্তোষ্টি প্ৰকাশ কৰে।মংগলাচৰনেৰে আৰম্ভ হোৱা সভাখনত দেৰগাঁও কমল দুৱৰা কলেজৰ প্ৰাক্তন অধ্যক্ষা তথা লেখিকা বীনা ঠাকুৰ বেজবৰুৱাৰ ‘ সাহিত্য,সংস্কৃতি ইত্যাদি’নামৰ গ্ৰন্থ খন উন্মোচন কৰে বিশিষ্ট লেখিকা তথা সৰুপথাৰ মহাবিদ্যালয়ৰ অধ্যাপিকা ডঃ প্ৰাপ্তি ঠাকুৰে।একেগৰাকী লেখিকাৰ অন্যখন গ্ৰন্থ ‘তোমাৰ নামেই আমাৰ নাম’উন্মোচন কৰে গোলাঘাট ডি আৰ কলেজৰ অসমীয়া বিভাগৰ মুুৰব্বী অধ্যাপিকা ডঃ জ্যোতিম্ময়ী ভট্টাচাৰ্যই।অনুষ্ঠানত লেখিকা,তথা লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী ৰেণু বৰাৰ গ্ৰন্থ’ প্ৰজ্ঞাৱতী’উন্মোচন কৰে ডঃ নগেন ঠাকুৰে।অন্যহাতে,লেখিকা তথা দেৰগাঁও লেখিকা সমাৰোহ সমিতিৰ কায্যকৰী সভানেত্ৰী কল্পনা দত্ত বৰাৰ ‘প্ৰসংগ:সাহিত্য আৰু অন্যান্য’নামৰ গ্ৰন্থ খন গোলাঘাট জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সুৰেন্দ্ৰ মোহন হাজৰিকা ই উন্মোচন কৰে।অনুষ্ঠানত দেৰগাঁও উন্নয়ন প্ৰাধিকৰণৰ সভাপতি ভোলা হাজৰিকা, দেৰগাঁও সাহিত্য সভাৰ সম্পাদক অজিত চন্দ্ৰ দত্ত, হৰিপ্ৰসাদ বৰদলৈ, অতুল মহন্ত, ডঃ দেবেন বৰা,মহেন হাজৰিকা, গুণিন শৰ্মা, প্ৰাণগোপাল বৰঠাকুৰ, বুবুল বৰা,প্ৰমোদ দত্ত, প্ৰমুখ্যে বহুকেইজন গণ্য মান্য ব্যক্তি আৰু যথেষ্ঠসংখ্যক সাহিত্যনুৰাগীয়ে অংশগ্ৰহণ কৰে।

Leave A Reply

Your email address will not be published.