Breaking

খুকুমণি মুদৈ দাসৰ তিনিখন গ্ৰন্থ উন্মোচন…

0 30

নলবাৰীৰ এগৰাকী লেখিকা খুকুমণি মুদৈ দাসৰ তিনিখন গ্ৰন্থ শনিবাৰে পানবজাৰৰ ৰেখা প্ৰকাশনত উন্মোচন কৰা হয়। অনুষ্টুপীয়া অনুষ্ঠানটিত তেখেতৰ গল্প সংকলন ‘মোনা’, প্ৰৱন্ধ সংকলন’ আত্মশুদ্ধি’ আৰু কাব্য সংকলন ‘এজাক নীলা চৰাই’ শিশু সাহিত্য অকাডেমি বঁটাপ্ৰাপক সাহিত্যিক- সাংবাদিক যুগললোচন দাসৰ লগতে ৰেখা প্ৰকাশনৰ স্বত্বাধিকাৰী দেবেন কলিতাই উন্মোচন কৰে।

পানবজাৰৰ কিতাপৰ পৰিৱেশৰ মাজত তিনিখন ভিন্ন বিষয়ৰ গ্ৰন্থ উন্মোচন কৰি দাসে কয় যে লেখিকাগৰাকীৰ এই সাহিত্য সাধনাই পঢ়ুৱৈক চিন্তাৰ খোৰাক দিবলৈ সক্ষম হ’ব। ইতিমধ্যে কেইবাখনো গ্ৰন্থ ৰচনা কৰা খুকুমণি মুদৈ দাসৰ গল্প আৰু কবিতা সংকলনদুটিৰ পাণ্ডুলিপিয়ে সাহিত্য প্ৰতিযোগিতাত বিশেষ পুৰস্কাৰ লাভ কৰিছিল।

Leave A Reply

Your email address will not be published.