Breaking

মাজবাট আৰক্ষীৰ পৃথক পৃথক অভিযানত ৮৫ কেজি ভাং সহ তিনিজন‌ ভাং সৰবৰাহকাৰীক গ্ৰেপ্তাৰ…

0 17

মাজবাট আৰক্ষীৰ পৃথক পৃথক অভিযানত
৮৫ কেজি ভাং সহ বিলাহী বাহন,মটৰ চাইকেল জব্দ কৰাৰ লগতে তিনিজন‌ ভাং সৰবৰাহ কাৰী গ্ৰেপ্তাৰ।
ভাং খিনিৰ বজাৰ মুল্য ৪২ লাখ ৫০ হাজাৰ টকা।

ওদালগুৰি জিলাৰ মাজবাট আৰক্ষীৰ পৃথক পৃথক অভিযানত যোৱা নিশা ৩৯ কেজি ভাং সহ দুখন মটৰ চাইকেল আৰু এজন ভাং.সৰবৰাহ কাৰীক আটক কৰে। আনহাতে আজি দিনৰ ১২ বজাত আন এটা অভিযানত মাজবাটৰ বাহিপুখুৰী চাহ বাগিচাৰ ১২ নম্বৰৰ ওৰাঙ ৰূপা পথৰ পৰা ৪৫ কেজি ভাং সহ বিলাহী বাহন আৰু দুজন ভাং সৰবৰাহ কাৰীক আটক কৰে আৰক্ষীয়ে।জানিব পৰামতে যোৱা নিশা বিশেষ সূত্ৰৰ খবৰৰ ভিত্তিত ৰৌতাৰ আৰক্ষী চক্ৰ পৰিদৰ্শক উৎপল শৰ্মা, মাজবাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জয় কুমাৰ ডুবে আৰু লালপানী আৰক্ষী

চকীৰ আই চি প্ৰনৱ বৰুৱা ,এছ আই কুশল চন্দ্ৰ নাথৰ লগত যোৱা এটা বৃহৎ আৰক্ষীৰ দলে অসম অৰুণাচল সীমান্ত এলেকাৰ জিয়াগুৰী অঞ্চলত অভিযান চলায়।আৰক্ষীৰ উক্ত অভিযানত হাবিৰ মাজত লুকুৱাই থোৱা অবস্থাত ৩৯ কেজি ভাং AS -13-B-0779/AS -01-AP-2650 নম্বৰৰ দুখন মটৰ চাইকেল সহ জিয়াগুৰী গাঁৱৰ বিবিছা বসুমতাৰী (২৪) নামৰ এজন ভাং সৰবৰাহ কাৰীক আটক কৰি মাজবাট আৰক্ষী থানাত লৈ আনে। আজি দিনৰ‌ ১২ বজাত

আৰক্ষীৰ দ্বিতীয়‌টো অভিযানত মাজবাটৰ বাহিপুখুৰী চাহ বাগিচাৰ ১২ নম্বৰ লাইনৰ ওৰাঙ ৰূপা পথৰ পৰা ৪৫ কেজি ভাং সহ AS-01-FX-8458 নম্বৰৰ এখন বিলাহী বাহন আৰু বৰপেটা জিলাৰ হাউলিৰ ৰাজেশ কুমাৰ‌ দেউৰী (৩৫) আৰু ওদালগুৰিৰ বিনাশ্ৰী বসুমতাৰীক আটক কৰি মাজবাট আৰক্ষী থানাত লৈ আনে। পিছত‌ মাজবাট আৰক্ষীয়ে ৩৮/২৪ /৩৯/২৪ নম্বৰত দুটা নম্বৰত কেচ ৰোজু কৰি তদন্ত অব্যাহত ৰাখিছে বুলি জনা যায়। জব্দ কৰা ভাংখিনিৰ আন্তর্জাতিক বজাৰ মূল্য প্ৰায় ৪২ লাখ ৫০ হাজাৰ টকা মান হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

Leave A Reply

Your email address will not be published.