অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপৰ উদ্যোগত যোৱা ২৯ চেপ্তেম্বৰ, ২০২১ ৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে মাছৰ স্বাস্থ্যসন্মত প্ৰক্ৰিয়াকৰণ আৰু মূল্য সংযোজিত সামগ্ৰী উৎপাদনৰ ওপৰত ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ কেৰেলাস্থিত কেন্দ্ৰীয় মীন প্ৰযুক্তি সংস্থানৰ (ICAR- CIFT) সহযোগত অনুসূচিত জনজাতিৰ মাছমৰীয়া সকলৰ বাবে এই প্ৰশিক্ষণ অনুস্থিত হয়। প্ৰশিক্ষণৰ উদ্বোধনী অনুস্থানত কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী ড০ ধীৰেন্দ্ৰ নাথ কলিতা আৰু পশু চিকিৎসা বিজ্ঞানৰ বিষয়বস্তু বিশেষজ্ঞা ড০ ইলাক্ষী ডেকা উপস্থিত থাকে। কৃষি বিজ্ঞান কেন্দ্ৰৰ মীন বিশেষজ্ঞ শ্ৰী পৰাগ শইকীয়া আৰু সামূহিক বিজ্ঞান বিভাগৰ বিশেষজ্ঞা শ্ৰীমতী মধুস্মিতা ডেকাৰ তত্বাৱধানত আয়োজিত এই প্ৰশিক্ষণ অনুস্থানত কামৰূপ জিলাৰ ২১ গৰাকী উদীয়মান পুৰুষ-মহিলাই অংশগ্ৰহণ কৰে। সমল ব্যক্তি হিচাপে ৰহা মীন মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক শ্ৰী ইনামআখ্টাৰ হুচেইন, পৰাগ শইকীয়া আৰু মধুস্মিতা ডেকাই মাছৰ স্বাস্থ্যসন্মত প্ৰক্ৰিয়াকৰণ আৰু বিভিন্ন মূল্য সংযোজিয সামগ্ৰীৰ উৎপাদনৰ বিভিন্ন দিশৰ ওপৰত বিশদভাৱে আলোকপাত কৰে। ইয়াৰ উপৰিও ব্যৱহাৰিকভাৱে প্ৰশিক্ষাৰ্থী সকলক মাছৰ পৰা আচাৰ, কাটলেট আৰু ফিছ বল আদি সামগ্ৰী হাতে কামে প্ৰস্তুত কৰোৱা হয়, যি বোৰ বহুদিনলৈ সংৰক্ষণ কৰি বজাৰত বিক্ৰী কৰিব পাৰি। প্ৰশিক্ষণৰ অন্তত প্ৰশিক্ষাৰ্থী সকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি একোখনকৈ মানপত্ৰ প্ৰদান কৰা হয়।
Breaking
- Book launch of Digdarshan যোৰহাটত দিগদৰ্শন প্ৰকাশনৰ গ্ৰন্থ উন্মোচন
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- Auspicious Bhado Month: চুবুৰীয়া ৰাজ্য মেঘালয়ৰ নংপোৰ মাৰাংগাৰত শঙ্কৰদেৱ নামঘৰত এমহীয়া পৱিত্ৰ ভাদমহীয়া নামৰ সামৰণি
- AJYCP protests against ONGC: নাজিৰাত ONGCৰ থলুৱাবিৰোধী নীতিৰ বিৰুদ্ধে AJYCPৰ বিক্ষোভ
- Oil and gas drilling in Gibbon Sanctuary: গিবনত তেল-গেছ খননৰ সিদ্ধান্তৰ কঠোৰ বিৰোধিতা আটাছুৰ
- Nagaon District Medicine Dealers’ Association:ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ পিছতেই মুহূৰ্তে মুহূৰ্তে ৰং সলনি কৰিছে নগাঁৱৰ ঔষধ ব্যৱসায়ী সন্থাই
- Nazira ONGC employee goes to jail:ইনষ্টাগ্ৰামৰ বাগিৰে লজ্জানত কাণ্ড! ONGCৰ কৰ্মচাৰী গ’ল জে’ল হাজোতলৈ
- Na Lakhimi Scheme:মহিলা হিতাধিকাৰীক ন-লখিমী আঁচনিৰ দ্বাৰা মাহে ৩০০০ টকাকৈ দিয়া হ’বঃ ভূপেন কুমাৰ বৰা
- All Tiwa Students Union: বেদখলকৃত ভূমি উচ্ছেদ কৰি ট্ৰাইবেল বেল্ট-ব্লক সংৰক্ষণৰ দাবী সদৌ তিৱা ছাত্ৰ সন্থাৰ
- Orunodoi 3.0 scheme: ৰাজ্যজুৰি অৰুণোদয় ৩.০ আনুষ্ঠানিকভাৱে শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ
- Sarania-Kachari Tribe in Assam: জনজাতিৰ প্ৰমাণ পত্ৰ এখনৰ বাবেও সংগ্ৰাম কৰিবলগীয়া হৈছে অসমৰ একাংশ আদিপুৰুষে
- Assam Online Trading Scam: প্ৰমাণ হ’ল – চুমি বৰাৰ হাতোৰা প্ৰসাৰিত হৈছিল ন্যায়পালিকাৰ পৰা কাৰ্যপালিকালৈ !