Breaking

We Want Justice ধ্বনিয়ে মুখৰিত মাৰ্ঘেৰিটাৰ আকাশ-বতাহ…

0 16

গামৰিণ মাকাট হত্যাকাণ্ড উচ্চ পৰ্যায়ৰ ন্যায়িক তদন্তৰ দাবীত মাৰ্ঘেৰিটাত তিনিদিনীয়া ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ। We Want Justice ধ্বনিয়ে মুখৰিত মাৰ্ঘেৰিটাৰ আকাশ-বতাহ। লেখাপানী চেণ্টপল স্কুলৰ ছাত্ৰ গামৰিণ মাকাট হত্যাকাণ্ডক লৈ বৰ্তমানেও উত্তাল হৈ আছে বৃহত্তৰ মাৰ্ঘেৰিটা অঞ্চল। যোৱা ১ আগষ্টত লেখাপানী উদয়পূৰৰ চেণ্টপল স্কুলৰ আৱাসিক চৌহদত এক ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছিল গামৰিণ মাকাট মৃতদেহ। উক্ত ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰিছিল অসম অৰুণাচল সীমান্তঞ্চল জাগুন।

মৃত ছাত্ৰ গামৰিণ মাকাটৰ পৰীয়ালে ছাত্ৰজন হত্যাকাণ্ড বুলি হোৱা বুলি বিদ্যালয়খনৰ বিৰুদ্ধে অভিযোগ উত্থাপিত কৰছিল। স্থানীয় দল সংগঠনে এই ঘটনাৰ উচিত তদন্ত বিচাৰি বিভিন্ন সময়ত সাব্যস্ত কৰি আহিছে উত্তাল প্ৰতিবাদ।প্ৰায় এক মাহ দিন উকলি যোৱা পিছতো পৰিয়ালৰ লোকে গামৰিণ মাকাটৰ হত্যাকাণ্ড ন্যায় নোপোৱা প্ৰতিবাদত আজিৰে পৰা পুনৰ চিংফৌ জাতীয় পৰিষদ আৰু সদৌ চিংফৌ ছাত্ৰ সন্থাৰ উদ্যোগত মাৰ্ঘেৰিটাত তিনিদিনীয়াকৈ গ্ৰহণ কৰা হৈছে অৱস্থান ধৰ্মঘট কাৰ্যসূচী। উক্ত প্ৰতিবাদী কাৰ্যসূচীলৈ মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থা, ছাত্ৰ মুক্তি সংগ্ৰাম, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, গোৰ্খা ছাত্ৰ সন্থা, অসমীয়া যুৱ মঞ্চকে ধৰি বিভিন্ন জাতীয় জনগোষ্ঠীয় দল সংগঠন তথা ৰাইজে পুৰ্ণ সমথৰ্ন আগবঢ়াইছে।

লগতে পঢ়কঃ কোন দিশে মুখ কৰি খাদ্য খাব লাগে? ধন-সম্পত্তি বৃদ্ধি কৰিবলৈ কোন দিশে খাদ্য খাব…

Leave A Reply

Your email address will not be published.