Breaking

দুধনৈৰ ফ্লিপকাৰ্ট ডেলিভাৰী কেন্দ্ৰত সংঘটিত ডকাইতি কাণ্ডত জড়িত আৰু তিনিজনক গ্ৰেপ্তাৰ

0 2,077

বিগত বৰ্ষৰ ২২ নবেম্বৰত দুধনৈৰ ফ্লিপকাৰ্ট ডেলিভাৰী কেন্দ্ৰত নিশা  সংঘটিত হোৱা এক ডকাইতি কাণ্ডত জড়িত আৰু তিনিজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। ধৃত যুৱক কেইজন হল ক্ৰমে- অভিজিত বসুমতাৰী, জন্মেজয় বসুমতাৰী আৰু ত্ৰুটি বসুমতাৰী। তিনিও জনৰ পৰা এটা .৩২ পিষ্টল উদ্ধাৰ হয়। এই ডকাইতি কাণ্ড সম্পর্কত গোৱালপাৰা জিলা আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত জানিবলৈ দি কয় যে, যোৱা নৱেম্বৰত দুধনৈৰ ডামৰা ৰোডত থকা “ইনষ্টাকাৰ্ট চাৰ্ভিছ প্ৰাইভেট লিমিটেডৰ  (ফ্লিপকাৰ্টৰ) ডেলিভাৰী কেন্দ্ৰত নিশাৰ ভাগত সংঘটিত হৈছিল এক ডকাইটি কাণ্ড৷ সেই নিশা ডকাইতৰ এটা দলে মাৰণাস্ত্ৰ দেখুৱাই কেন্দ্ৰটোৰ পৰা লুট কৰি নিছিল প্ৰায় বাৰ লক্ষাধিক টকা ৷এই ঘটনাত দুধনৈ থানাৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি ফ্লিপকাৰ্ট ডেলিভাৰী কেন্দ্ৰটোৰ চিচিটিভি ফুটেজৰ ওপৰত ভিত্তি কৰি দুধনৈ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মুকুট কাকতীৰ লগতে ৰংজুলি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সহ আৰক্ষীৰ এটা দলে অভিযান চলাই  দুখন স্কুটি আৰু এখন গ্লেমাৰ বাইকৰ লগতে নগদ ৪২ হেজাৰ টকা সহ সুনীল বড়ো, অৰূপ দৈমাৰী আৰু  কমল খাখলাৰীক আটক কৰিবলৈ সক্ষম হৈছিল। উক্ত ডকাইতি কাণ্ডৰ লগত জড়িত আন তিনি গৰাকী ডকাইত ক্ৰমে দুধনৈ থানাৰ অন্তৰ্গত বগুলামাৰী গাওঁৰ অভিজিত বসুমতাৰী, ট্ৰুটি বসুমতাৰী আৰু বান্দৰ্শী গাওঁৰ জন্মেজয় বসুমতাৰীয়ে দীৰ্ঘদিন পলাই আছিল যদিও অৱশেষত তিনিওজন পৰহি নিশা আৰক্ষীৰ জালত পৰে। আনহাতে আৰক্ষী অধীক্ষক গৰাকীয়ে আৰু জানিবলৈ দিয়ে যে ঘটনাটোৰ সন্দৰ্ভত অধিক তথ্যৰ সন্ধান উলিওৱাৰ বাবে ধৃত যুৱক কেইজনক আৰু তিনি-চাৰিদিন সোধপোচ কৰিবলৈ আৰক্ষীৰ জিম্মাত ৰাখিব।

Leave A Reply

Your email address will not be published.