Breaking

কৰিমগঞ্জ জেলৰ পৰা তিনি কয়দিৰ পলায়ন ।

0 900

কৰিমগঞ্জ : পুনৰ কৰিমগঞ্জ জেলৰ পৰা পলায়ন তিনিগৰাকী কয়দিৰ। এই চাঞ্চল্যকৰ ঘটনা সংগঠিত হৈছে কৰিমগঞ্জ জিলা কাৰাগাৰত।  জানিব পৰা মতে হোজাইৰ ফয়জুৰ ৰহমান, পাথাৰৰকান্দি এলেকাৰ  মাসুক আহমদ আৰু কৰিমগঞ্জৰ ওয়াহীদ আলি। জেল লৈ অহাৰ পিছত তেওঁলোকক জেলৰ ভিতৰতে এটা কোঠাত  কোৱাৰেইনটাইনত ৰখা হৈছিলে। যোৱা নিশা দুটা মান বজাত কোৱাৰেন্টাইনৰ খিৰিকী ভাঙি তেওঁলোক পলায়ন কৰে। হোজাইৰ ফয়জুৰ ৰহমান বহুকেইটা অপৰাধমূলক গোচৰৰ  লগতে হত্যাৰ গোচৰত ও অভিযুক্ত। তেওঁৰ বিৰুদ্ধে  বদৰপুৰ থানাত ১০৫/১৮ নং, ভাৰতীয় দণ্ডবিধিৰ ১২০(বি)৩০২,৩৭৯,৩৪ ধাৰাত গোচৰ নথিভুক্ত হৈ আছিল। আনফালে বাকী দুগৰাকীৰ ভিতৰত এগৰাকী গভাইত চোৰ আৰু ড্ৰাগছ বেহাৰ লগত জড়িত। তাৰে মস্তাক আহমেদৰ আৰু ৱাহিদ আলী বিৰুদ্ধে পাথাৰকান্দী থানাত ৩৩১/২০২০ নঙত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭৯/৪১১/৪১৩ ধাৰাৰ অধীনত অভিযুক্ত। উল্ল্যেখ্য, যোৱা চাৰি মাহ পূৰ্বে ঠিক এনে দৰে আৰু দুইগৰাকী গভাইত কয়েদী প্ৰাচীৰ পাৰ হৈ পলাই যাব লৈ সক্ষম হৈছিল। ইয়াৰে মাজত এজন বদৰপুৰৰ এটা হত্যাকাণ্ডৰ অভিযুক্ত আছিল আৰু আনজন বাংলাদেশী আছিল। কিন্তু তেওঁলোকৰ সন্ধান আজি লৈকে উলিয়াব পৰা নাই। ইপিনি যোৱা কালি আকৌ একেলগে তিনি গৰাকী কয়েদিৰ পলায়নক লৈ জেলৰ নিৰাপত্তাৰ ব্যৱস্থাক লৈ প্ৰশ্ন উত্থাপিত হৈছে।  কিয়নো বাৰে বাৰে কৰিমগঞ্জ জেলৰ পৰা কয়েদিৰ পলায়নৰ ঘটনাই সংবাদ শিৰোনাম দখল কৰি আহিছে। জেল অধীক্ষকে জনোৱা মতে জেলত নিৰাপত্তাৰক্ষীৰ যথেষ্ঠ অভাৱ। এতিয়া প্ৰশ্ন উত্থাপন হৈছে এনেদৰে ইটোৰ পাছত হয়তু কয়েদি পলায়নৰ আঁৰত কিবা ৰহস্য লুকাই আছে নেকি? ইয়াৰ উচ্চ পৰ্যায়ৰ তদন্তৰ প্ৰয়োজন আছে নেকি? ইয়াত জগৰীয়া কোন? জিলা কাৰাগাৰ অধীক্ষকে নিৰাপত্তাৰক্ষীৰ অভাৱৰ কথা কৈ আৰু কিমান দিন নিজৰ দায়িত্বৰ সামৰিব। ইপিনে এক বিশেষ সূত্ৰে জানিব পৰা মতে চাৰি মাহ পূৰ্বে পলাই যোৱা বাংলাদেশী জন সীমান্ত অতিক্ৰম কৰি বাংলাদেশ পালে গৈ।

Leave A Reply

Your email address will not be published.