ডাক্তৰে প্ৰায়ে কয় যে থাইৰয়ড হ’লে কবি, ফুলকবি আদি শাক-পাচলি নাখাব। কাৰণ এনে শাক-পাচলিয়ে থাইৰয়ড হৰম’নৰ ভাৰসাম্য বিনষ্ট কৰে।(Thyroid Disease)
শীতকালত বজাৰত বিভিন্ন ধৰণৰ শাক-পাচলি পোৱা যায়। শীতকালত ফুলকবি বিভিন্ন সুস্বাদু ধৰণেও ৰান্ধিব পাৰি। কিন্তু থাইৰয়ড থাকিলে সমস্যাৰ সৃষ্টি হয়। ডাক্তৰে প্ৰায়ে কয় যে থাইৰয়ড হ’লে কবি, ফুলকবি আদি শাক-পাচলি নাখাব। কাৰণ এনে শাক-পাচলিয়ে থাইৰয়ড হৰম’নৰ ভাৰসাম্য বিনষ্ট কৰে। কিন্তু ঠাণ্ডা বতৰত যদি ফুলকবি, বন্ধাকবি নাখাই তেন্তে কেতিয়া খাব।(winter vegetables)
যদি তেজত নিঃসৰণ হোৱা থাইৰয়ড হৰম’নৰ পৰিমাণ বাঢ়ে, তেন্তে ইয়াক ‘হাইপাৰথাইৰয়ডিজম’ বুলি কোৱা হয় আৰু যদি হৰম’নৰ পৰিমাণ কমি যায় তেন্তে ইয়াক ‘হাইপ’থাইৰয়ডিজম’ বুলি কোৱা হয়। হাইপোথাইৰয়ডিজমত শৰীৰৰ থাইৰয়ড গ্ৰন্থিয়ে পৰ্যাপ্ত পৰিমাণৰ হৰম’ন উৎপাদন নকৰে। গতিকে চুলি সৰা, হৃদস্পন্দন কমি যোৱা, বিপাকীয় হাৰ কমি যোৱা আৰু ওজন বৃদ্ধি আদি বিভিন্ন সমস্যাৰ সৃষ্টি হয়। দুয়োটা ক্ষেত্ৰতে খাদ্যৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগে। পুষ্টিবিদসকলে কয় যে থাইৰয়ড বৃদ্ধি হ’লে গাখীৰ আৰু দুগ্ধজাত সামগ্ৰী যেনে পনিৰ খাদ্য খাব নালাগে। কবি, ফুলকবি, ব্ৰকলি, চজিনা আদি খাদ্যই থাইৰয়ড বৃদ্ধি কৰে।
ফুলকবিত গ’ইট্ৰ’জেন নামৰ ৰাসায়নিক পদাৰ্থ থাকে যিয়ে থাইৰয়ড হৰম’নৰ ভাৰসাম্য বিঘ্নিত কৰিব পাৰে। সেইবাবেই ফুলকবি বা কবিৰ দৰে শাক-পাচলি খোৱা নিষেধ থাইৰয়ড ৰোগীৰ বাবে। কিন্তু পুষ্টিবিদসকলে কয় যে কবি ভালদৰে সিজাই পানীতো পেলাই দি তাৰ পিছত বাজি খাব পাৰে, তেতিয়া সমস্যা কম হ’ব। ভালকৈ সিজলে সেই ৰাসায়নিক পদাৰ্থৰ মাত্ৰা কমি যাব, তেতিয়া বৰ বেছি সমস্যা নহ’ব।
থাইৰয়ড হ’লে আইৰণৰ পৰিমাণ বেছি থকা খাদ্য খাবলৈ কোৱা হয়। সতেজ মাংস, মাছ, কণী, ঘেঁহুৰ আটা, কাজুত প্ৰচুৰ পৰিমাণে তাম আৰু আইৰণ থাকে। ভিটামিন চি থকা ফল যেনে নেমু,অমিতা, কেপচিকাম খাব পাৰে। কিন্তু আটাৰ খাদ্য, শুকান ফল, কফি, চকলেট, শীতল পানীয় আদি বেছিকৈ খালে থাইৰয়ড বাঢ়িব পাৰে।