যোৰহাট জিলাৰ উত্তৰ-পশ্চিম প্ৰান্তৰ ধনখুলৈত আজি প্ৰথম বাৰ্ষিক তিহাৰ উৎসৱ অনুষ্ঠিত হয়। যোৰহাট জিলা গোৰ্খা সন্মিলন আৰু ধনখুলৈ যুৱ সংঘৰ সহযোগত অনুষ্ঠিত হোৱা এই উৎসৱৰ পুৱা পতাকা উত্তোলন কৰা হয়।(Tihar Festival)
ধনখুলৈ শ্ৰী শ্ৰী বিষ্ণু মন্দিৰ প্ৰাংগনত অনুষ্ঠিত হোৱা এই উৎসৱত যোৰহাটৰ বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকি গোৰ্খা সকলৰ এই তিহাৰ উৎসৱৰ সম্পৰ্কত বহল বাখ্যা দাঙি ধৰে। (tihar festival celebrated at jorhat)
বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই উৎসৱৰ লগত সংগতি ৰাখি বিশিষ্ট ব্যক্তি সকলক সম্বৰ্ধনা জনাই উৎসৱ উদযাপন সমিতিয়ে।সন্ধিয়া স্থানীয় ছাত্ৰ ছাত্ৰী সকলে নৃত্য প্ৰদৰ্শন কৰি অতিথি সকলৰ মন মুগ্ধ কৰে।