Breaking

হেলমেট পৰিধান নকৰা চালক আৰু আৰোহীৰ বিৰুদ্ধে কঠোৰ হৈছে টীয়ক আৰক্ষী

0

ৰাজ্য চৰকাৰৰ নতুন নিৰ্দেশনা অনুযায়ী যি সকল লোকে দুচকীয়া বাহনত যাত্ৰা কৰিলে বাইকৰ চালকৰ সমান্তৰালকৈ আৰোহীয়েও হেলমেট পৰিধান কৰাৰ লগতে বাহন চলোৱাৰ অনুজ্ঞাপত্ৰ থকাটো বাধ্যতামূলক কৰিছে । ইতিমধ্যে যি সকল বাইক চালক আৰু আৰোহীয়ে হেলমেট পৰিধান নকৰাকৈয়ে বাইক চলাইছে সেই সকল লোকৰ বিৰুদ্ধে অসম আৰক্ষী কঠোৰ হোৱাৰ লগতে ১০০০ টকাকৈ জৰিমনা বিহিছে। ৰাজ্য চৰকাৰৰ সেই নিৰ্দেশনা অনুশৰি আজি টীয়কৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত হেলমেট পৰিধান নকৰা আৰু অনুজ্ঞাপত্ৰ নথকাকৈ আৰোহীৰ  লোকৰ অভিযানত নামি পৰিল টীয়ক আৰক্ষী।যিসকল লোকে হেলমেট পৰিধান কৰা নাই আৰু অনুজ্ঞাপত্ৰৰ অবিহনে দুচকীয়া বাহন চলাইছে সেই সকলৰ বিৰুদ্ধে টীয়ক আৰক্ষীয়ে ইতিমধ্যে আজিৰ দিনটোত প্ৰায় ১০০ৰো অধিক দুচকীয়া বাহনৰ চালক আৰু আৰোহী অনুজ্ঞাপত্ৰৰ লগতে হেলমেট পৰিধানৰ নকৰা লোকৰ বিৰুদ্ধে কঠোৰ হৈ চৰকাৰে বান্ধি দিয়া নিৰিখ অনুযায়ী ১০০০ টকাকৈ জৰিমণা বিহিছে। এই অভিযানৰ জৰিয়তে দুচকীয়া বাহনৰ চালক আৰু আৰোহীৰ দুৰ্ঘটনাৰ পৰা প্ৰাণ ৰক্ষা পোৱাৰ লগতে ভৱিষ্যতৰ  দায়িত্বশীল কৰি তুলিব সংবাদ মাধ্যমক জানিবলৈ দিয়ে।

Leave A Reply

Your email address will not be published.