Titanic:ভ্ৰাম্যমাণ থিয়েটাৰ কহিনুৰৰ পৰা ওলাল ‘টাইটানিক’

গুৱাহাটী, ২৭ ডিচেম্বৰঃ ভ্ৰাম্যমান থিয়েটাৰ জগতত কহিনুৰ থিয়েটাৰৰ(Theater Kahinur) এক সুকীয়া স্থান আছে।(Titanic) এই কহিনুৰ থিয়েটাৰেই ১৯৯৮ চনত প্ৰথম বাৰৰ বাবে মঞ্চস্থ কৰিছিল নাট্যকাৰ হেমন্ত দত্তৰ ‘টাইটানিক’ আৰু সেই সময়ত এই নাটকখনে দৰ্শকৰ যথেষ্ট সহাৰি লাভ কৰিবলৈ সক্ষম হৈছিল।

কহিনুৰ থিয়েটাৰৰ স্বত্বাধীকাৰ ৰতন লহকৰৰ মৃত্যুৰ পিছত ইয়াৰ দায়িত্ব লয় তেওঁৰ পুত্ৰ তপন লহকৰে। এইবাৰ কহিনুৰ থিয়েটাৰে পুনৰবাৰ ‘টাইটানিক’ মঞ্চস্থ কৰিবলৈ ঠিক ঠাক কৰি নাটকখনৰ পাণ্ডুলিপি নাট্যকাৰ হেমন্ত দত্তৰ পৰা সংগ্ৰহ কৰি প্ৰস্তুতি চলায়।

ইয়ালৈ সকলো ঠিকে আছিল যদিও নাটক খনৰ পৰিচালকক লৈ অথন্তৰ ঘটে। নাট্যকাৰ হেমন্ত দত্তই বিচাৰিছিল তেওঁৰ পুত্ৰ অভিনেতা, পৰিচালক অনিৰ্বান দত্তই নাটকখন পৰিচালনা কৰাটো। কিন্তু নাটকৰ প্ৰযোজক তপন লহকৰে বিচৰা নাই অনিৰ্বান দত্তই উক্ত নাটকখন পৰিচালনা কৰাটো।

ইয়াৰ পৰিৱৰ্তে প্ৰযোজক তপন লহকৰে নিজাকৈ নাটকখন পৰিচালনা কৰিবলৈ লোৱাত খৰ্গহস্ত হৈ পৰে নাট্যকাৰ হেমন্ত দত্তৰ লগতে তেওঁৰ পুত্ৰ পৰিচালক অনিৰ্বান দত্ত। আজি মঙলদৈৰ ভেবাৰঘাটস্থিত বাসগৃহত হেমন্ত দত্ত আৰু অনিৰ্বান দত্তই এক সংবাদ মেল সম্বোধন কৰি কয় যে নাট্যকাৰক নোসোধাকৈ নাটকৰ চুটিং কৰি থকাটো তেওঁলোকে বিচৰা নাই।

নাট্যকাৰ হেমন্ত দত্তই এইবাৰ নাটখন পৰিচালনাৰ বাবে পুত্ৰ অনিৰ্বানক দায়িত্ব দিছিল যদিও সেই কথা প্ৰযোজকে অমান্য কৰি নিজাববীয়াকৈ পৰিচালনা কৰিবলৈ লোৱাত অসন্তুষ্ট হৈ পৰে পিতা-পুত্ৰ। সেয়েহে তেওঁলোকে ‘টাইটানিক’ নাটকখন কহিনুৰ থিয়েটাৰৰ পৰা ওভতাই অনাৰ সিদ্ধান্ত সাংবাদিকৰ আগত ব্যক্ত কৰে।

অনিৰ্বান দত্তই লগতে কয় যে, অদূৰ ভৱিষ্যতে হেমন্ত দত্তৰ কোনো নাটকেই কহিনুৰ থিয়েটাৰক দিয়া নহ’ব আৰু ইতিমধ্যে টাইটানিকৰ পাণ্ডুলিপি ওভতাই দিবলৈ কহিনুৰ থিয়েটাৰ কতৃপক্ষৰ সৈতে যোগাযোগ কৰা বুলি জানিব দিয়ে।

Related Articles