মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি মৰিগাঁও জিলাৰ ঔজাৰীস্থিত স্বৰ্গীয় জেমন চন্দ্ৰ বৰদলৈ ক্ষেত্ৰত আয়োজিত তিৱা জনগোষ্ঠীৰ জাতীয় অনুষ্ঠান তিৱা সাহিত্য সভা (তিৱা মাথনলাই তখ্ৰা)ৰ ত্ৰয়োদশ সংখ্যক কেন্দ্ৰীয় অধিৱেশনৰ মুকলি সভাত অংশগ্ৰহণ কৰে।(Tiwa Mathanlai Takhra)
সভাত ভাষণ প্ৰদান কৰি তিৱাসকলৰ সমৃদ্ধ লোকজীৱন আৰু লোককৃষ্টিৰ আধাৰতে তিৱা সাহিত্য গঢ় লৈ উঠিছে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে তিৱা সাহিত্যৰ মাজেদি প্ৰকাশিত হোৱা চিন্তা-চেতনাই ৰাজ্যৰ সাহিত্য ক্ষেত্ৰখন উৰ্বৰ কৰিছে। তেওঁ কয় যে জন্মলগ্নৰে পৰা জনগোষ্ঠীটোৰ ভাষা-সাহিত্যৰ বিকাশ সাধনত তিৱা সাহিত্য সভাই লোৱা ভূমিকাই নতুন প্ৰজন্মক বিশেষভাৱে উৎসাহিত কৰিছে। পূৰ্বৰে পৰা কথিত ৰূপত প্ৰচলিত হৈ অহা তিৱা ভাষাৰ লিখিত সাহিত্যৰ বিকাশ বিংশ শতিকাৰ সত্তৰৰ দশক মানৰ পৰা হৈছিল বুলি উল্লেখ কৰি তেওঁ কয় যে এই ক্ষেত্ৰত ১৯৭৩ চনৰ মাৰ্চ মাহত প্ৰকাশিত সদৌ অসম তিৱা (লালুং) যুৱ-ছাত্ৰ সন্মিলনৰ ‘ৰিংছাং’ নামৰ মুখপত্ৰখনে মুখ্য ভূমিকা লৈছিল। তেওঁ লগতে কয় যে ৰিংছাঙত তিৱাসকলৰ আঁতি-গুৰি, জনগোষ্ঠীটোৰ গৌৰৱমণ্ডিত ইতিহাস, সমাজ আৰু ৰাজনীতি, কৃষ্টি-সংস্কৃতিৰ উপৰি তিৱা ভাষা আৰু সাহিত্য বিষয়ক কেতবোৰ লেখা প্ৰকাশ পাইছিল। ৰিংছাঙে তিৱা ভাষা আৰু সাহিত্য চৰ্চাৰ বাট মুকলি কৰি জনগোষ্ঠীটোৰ উঠি অহা প্ৰজন্মক নিজা ভাষাত সাহিত্য চৰ্চা কৰিবলৈ উদগণি যোগাইছিল। মুখ্যমন্ত্ৰীয়ে কয় যে ১৯৮০ চনৰ ১৫ নৱেম্বৰত জাগীৰোডৰ ওচৰৰ মাৰ্কংকুছি প্ৰাথমিক বিদ্যালয়ত চন্দ্ৰকান্ত বৰদলৈৰ সভাপতিত্বত তিৱা ভাষা উন্নয়ন পৰিষদ নামৰ এটি সংগঠন গঢ়ি উঠিছিল। ১৯৮১ চনৰ ৩১ মে’ত সংগঠনটোৰ নাম সলনি কৰি সদৌ তিৱা সাহিত্য সভা হিচাপে নামাকৰণ কৰা হৈছিল বুলিও তেওঁ কয়। তেওঁ লগতে কয় যে তিৱা সাহিত্য সভাৰ অভিৱৰ্তনত সভাৰ নাম সলনি কৰি তিৱা মাথনলাই তখ্ৰা হিচাপে নামাকৰণ কৰা হৈছিল।
মুখ্যমন্ত্ৰীয়ে কয় যে তিৱা মাথনলাই তখ্ৰাৰ ১৯৯৭ চনত নগাঁও জিলাৰ বাৰপূজীয়াত অনুষ্ঠিত অধিৱেশনখন তিৱা ভাষাৰ বাবে এক ঐতিহাসিক অধিৱেশন ৰূপে চিহ্নিত হৈ ৰ’ল। তিৱা মথানলাই তখ্ৰাৰ অধিৱেশনসমূহত মুখপত্ৰৰ লগতে বুজন সংখ্যক তিৱা ভাষাৰ গ্ৰন্থ প্ৰকাশে তিৱা ভাষা-সাহিত্য চৰ্চাত নতুন আয়তন যোগ দিবলৈ সক্ষম হৈছে বুলিও তেওঁ মন্তব্য কৰে। ভাষা-সংস্কৃতিৰ বিকাশৰ দিশত এই সাহিত্য অনুষ্ঠানটোৱে গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে তিৱা ভাষা-সাহিত্য চৰ্চাক বিশেষ গতি প্ৰদান কৰি সাহিত্যিক তথা তখ্ৰাৰ সাহিত্য সম্পাদক হৰচিং খলাৰে ২০২৩ চনত সাহিত্য অকাডেমী ভাষা সন্মান বঁটা লাভ কৰি সমগ্ৰ জাতিটোৰে গৌৰৱ বৃদ্ধি কৰিলে।
তিৱা জাতিক স্বকীয় পৰিচয়েৰে উদ্ভাসিত কৰি অহা তিৱা ভাষা-কৃষ্টি সংৰক্ষণ আৰু প্ৰসাৰৰ দিশত ৰাজ্য চৰকাৰে অবিৰত প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰে অন্যান্য জনজাতীয় ভাষাসমূহৰ লগতে তিৱা ভাষাকো শিক্ষাৰ মাধ্যম হিচাপে প্ৰাথমিক পৰ্যায়ত প্ৰৱৰ্তনৰ বাবে অধিসূচনা জাৰি কৰিছে। তদুপৰি ইতিমধ্যে তিৱা মাথনলাই তখ্ৰাৰ তৰফৰ পৰা ৰাজ্যিক শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানৰ উদ্যোগত পাঠ্যপুথি প্ৰণয়নৰ কৰ্মসূচী সম্পন্ন হোৱাটো নিঃসন্দেহে শলাগিবলগীয়া পদক্ষেপ বুলিও তেওঁ কয়।
মুখ্যমন্ত্ৰীয়ে কয় যে পৃথিৱীৰ বুকুত কোনো জাতি বা জনগোষ্ঠীয়ে নিজৰ অক্ষয় চাপ সৃষ্টি কৰা সবাতোকৈ গুৰুত্বপূৰ্ণ ভূমিকা লোৱা কাৰকসমূহৰ অন্যতম হৈছে ভাষা, সাহিত্য আৰু সংস্কৃতি। তেওঁ লগতে কয় যে আৱহমান কালৰে পৰা সাহিত্যই জ্ঞান আৰু প্ৰজ্ঞাৰ সাধনাৰে মানৱ জাতিক আগুৱাই যোৱাৰ বাট দেখুৱাই আহিছে। মানুহৰ জীৱনত অপৰিসীম প্ৰভাৱেৰে সাহিত্যই যি চেতনাৰ উন্মেষ ঘটাইছে তাৰ জৰিয়তে মানৱ সভ্যতাই ৰূপান্তৰমুখী যাত্ৰা পথেৰে আগুৱাই যাবলৈ সক্ষম হৈছে। সাহিত্যই মানৱীয় প্ৰমূল্যবোধ জ্ঞানদ্বীপ্ত সমাজ গঢ়ি তোলাৰ দিশত বিশেষ ভূমিকা লৈছে। তেওঁ কয় যে গদ্য, কবিতা, নাট আদিৰ ৰচনাৰে মানুহে সাহিত্যক এক বিৰাট কলালৈ ৰূপান্তৰ কৰিছে বুলিও তেওঁ কয়। প্ৰাচীন ভাৰতীয় সাহিত্যসমূহৰ বিষয়ে আলোকপাত কৰি তেওঁ কয় যে মহান গ্ৰন্থসমূহৰ মাজত নিহিত হৈ আছে মানৱীয় প্ৰমূল্যবোধৰ দৰ্শন। বৈদিক সাহিত্য, মধ্যযুগীয়া সাহিত্য, উনবিংশ আৰু বিংশ শতাব্দীৰ সাহিত্যই আজিও সকলোকে অনুপ্ৰেৰণা যোগাই আহিছে।
মুখ্যমন্ত্ৰীয়ে কয় যে তিৱা সাহিত্য সভাই তিৱা জনগোষ্ঠীৰ ইতিহাস, লোক সাহিত্য ইত্যাদি সন্দৰ্ভত এনে গ্ৰন্থ প্ৰকাশ কৰিব লাগে যাতে ভাষাটোৰ শ্ৰীবৃদ্ধিত বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিব পাৰে। তেওঁ লগতে কয় যে তিৱা মাথনলাই তখ্ৰাই তিৱা জনগোষ্ঠীৰ বুৰঞ্জী প্ৰণয়নৰ বাবে আগবাঢ়ি আহিলে ৰাজ্য চৰকাৰে প্ৰকাশৰ ব্যয় বহন কৰিব।
উল্লেখ্য যে আজিৰ এই অনুষ্ঠানত প্ৰায় ১ হাজাৰৰো অধিক শিল্পীয়ে তিৱা নৃত্য পৰিৱেশন কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে গুৱাহাটীত এই শিল্পীসকলৰ দ্বাৰা তিৱা নৃত্য পৰিৱেশনৰ ব্যৱস্থা গ্ৰহণৰ পদক্ষেপ লোৱা হ’ব। তদুপৰি চাৰণ বিলৰ সন্মুখৰ তিনি কঠা মাটিত তিৱা সাহিত্য সভাই কলাক্ষেত্ৰ নিৰ্মাণৰ ক্ষেত্ৰত আগবঢ়োৱা প্ৰস্তাৱৰ প্ৰতি ৰাজ্য চৰকাৰে ইতিবাচক সঁহাৰি আগবঢ়াব বুলি তেওঁ কয়। আনহাতে, জোঙাল বলহু পৰ্যটন ক্ষেত্ৰ এই বছৰতে ৰাইজৰ বাবে মুকলি কৰা হ’ব মখ্যমন্ত্ৰীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে।
আজিৰ এই অনুষ্ঠানত জলসম্পদ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকা, স্থানীয় বিধায়ক তথা অভ্যৰ্থনা সমিতিৰ সভাপতি ৰমাকান্ত দেউৰীৰ উপৰি তিৱা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ, তিৱা মাথনলাই তখ্ৰাৰ নৱনিৰ্বাচিত সভাপতি তথা সাহিত্য অকাডেমী ভাষা সন্মান বঁটা প্ৰাপক হৰচিং খলাৰ প্ৰমুখ্যে গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে।