Breaking

যোৰহাটৰ চিনামৰা জাতীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক বিভিন্ন খেতিৰ ব্যৱহাৰিক শি‍ক্ষা প্ৰদান…

0 19

যোৰহাটৰ চিনামৰা জাতীয় বিদ্যালয়ে‍ বিদ্যালয়খনৰ প্ৰতিষ্ঠা কালৰে পৰাই ছাত্ৰ-ছাত্ৰীসকলক শ্ৰেণী কোঠাৰ শি‍ক্ষাৰ লগতে বিভিন্ন খেতিৰ ব্যৱহাৰিক শি‍ক্ষা দি আহিছে। ছাত্ৰ-ছাত্ৰীসকলক শিপাৰ লগত সংপৃক্ত কৰি ৰখাৰ লক্ষ্য আৰু উদ্দেশ্যৰে শালি খেতিকে ধৰি বতৰ অনুযায়ী বিভিন্ন খেতি কৰি আহিছে৷

বোঁৱতি বর্ষ অনুসৰি আজি শালি খেতিৰ ন-ভূঁই অনুষ্ঠান অনুষ্ঠিত কৰে বিদ্যালয়খনে।বিদ্যালয়ৰ সঞ্চালক দিব্যজ্য‍োতি শর্মাৰ নেতৃত্বত বিদ্যালয়ৰ প্ৰায় শতাধিক ছাত্ৰ-ছাত্ৰীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে ৷

বিদ্যালয়ৰ শি‍ক্ষক-শি‍ক্ষয়িত্ৰীসকল উপস্থিত থকা অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলে ব্যৱহাৰিক জ্ঞান লাভ কৰাৰ লগতে শালি খেতিৰ মাদকতা উপভোগ কৰে ৷ চিনামৰা জাতীয় বিদ্যালয়ৰ এই পদক্ষ‍েপক বিভিন্নজনে প্ৰশংসা কৰিছে ৷

Leave A Reply

Your email address will not be published.