আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ আনন্দ মিশ্ৰক বদলি কৰা হ’ল কিয়?

কীৰ্তিকমল বৰাক গুলীচালনা কৰাৰ ঘটনাৰ তদন্ত শেষ হোৱাৰ পিছতে এতিয়া নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক তৎকালিনভাৱে নগাঁৱৰ পৰা বদলি কৰা হৈছে। অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰে গোটেই ঘটনাৰ তদন্ত সামৰি ইয়াৰ প্ৰতিবেদন দাখিল কৰাৰ পিছতেই স্পষ্ট হৈছিল কীৰ্তিকমল বৰাক গুলীচালনা কৰাৰ ঘটনা আছিল সম্পূৰ্ণ উদ্দেশ্যপ্ৰণোদিত। ইয়াৰ পিছতে শাস্তিমূলক ব্যৱস্থা হিচাপে এই ঘটনাৰ লগত জড়িত এছ আই প্ৰদীপ বণিয়াক নিলম্বন কৰাৰ লগতে এণ্টি নাৰ্কোটিক স্কোৱাড ভংগ কৰি ইয়াৰ সদস্যসকলক বেলেগ বেলেগ জিলালৈ বদলি কৰা হৈছে।

ইয়াৰ পিছতেই ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। বহুতেই আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ বিৰুদ্ধে কোনো শাস্তিমূলক ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে অসন্তুষ্টি ব্যক্ত কৰিছিল। ইয়াৰ মাজতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে আনন্দ মিশ্ৰক আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ বদলি কৰা হৈছে আৰু নগাওঁ জিলাৰ নতুন আৰক্ষী অধীক্ষক নিযুক্তি নিদিয়া পৰ্যন্ত অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাক ভাৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক হিচাপে দায়িত্ব প্ৰদান কৰা হৈছে।

বিগত প্ৰায় ৬ টা মাহত আইপিএছ বিষয়া আনন্দ মিশ্ৰই নগাঁও জিলাখনত ড্ৰাগছৰ বিৰুদ্ধে ব্যাপক অভিযান চলোৱাৰ লগতে বহু ম’ষ্ট ৱাণ্টেড অপৰাধীক গ্ৰেপ্তাৰ কৰি চৰ্চিত হৈ পৰাৰ সমান্তৰালকৈ ধাৰাবাহিকভাৱে গুলীচালনা কৰি চৰ্চিত হোৱাৰ সমান্তৰালকৈ বিতৰ্কতো সোমাই পৰিছিল। কীৰ্তিকমল বৰা কাণ্ডৰ পিছত এণ্টি নাৰ্কোটিক স্কোৱাডৰ সকলো সদস্যৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে যদিও এছ পি আনন্দ মিশ্ৰৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণৰ কথা উল্লেখ কৰা হোৱা নাছিল। সেয়ে জৰুৰীভাৱে আনন্দ মিশ্ৰক কিয় নগাঁৱৰ পৰা আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ বদলি কৰা হ’ল সেই বিষয়ে কোনো তথ্য ৰাজহুৱা কৰা হোৱা নাই। অৱশ্যে কীৰ্তিকমল বৰা কাণ্ডৰ বাবেই যে এইদৰে বদলি কৰা হৈছে সেই বিষয়টো প্ৰায় স্পষ্ট হৈছে।

Related Articles