Breaking

সদ্য মুক্তি প্ৰাপ্ত অসমীয়া চলচিত্ৰ ‘শ্ৰী ৰঘুপতি’ চাবলৈ নাজিৰা বোলছবিত ভিৰ দৰ্শকৰ…

0 156

বিতৰ্কৰ অন্তত মুক্তি পোৱা শ্ৰীৰঘুপতিয়ে বৰ্তমান সময়ত সমাদৰ লাভ কৰিছে বহুজন দৰ্শকৰ মাজত। ব্যতিক্ৰম নহয় নাজিৰা বোলছবিৰ পৰিৱেশ। পুৱাৰে পৰা দীঘলীয়া শাৰী দৈখিবলৈ পোৱা গৈছে নাজিৰা বোলছবি গৃহত। শ্ৰী ৰঘুপতি মুক্তিৰ প্ৰথমটো দিনৰে পৰা নাজিৰা বোলছবিত অসমীয়া ছবি খন চাবলৈ ভিৰ কৰিছে বহুজন দৰ্শকে । ছবি খন চাবলৈ অহা দৰ্শক সকলে মত প্ৰকাশ কৰি কয় যে , ৰঘুপতি এখন সুন্দৰ অসমীয়া ছবি; ৰঘুপতি উপভোগ কৰি দক্ষিণৰ ছবি উপভোগ কৰাৰ মাদকতা লাভ কৰিছো।

মুঠৰ ওপৰত এতিয়া এনেদৰে অসমৰ ভিন্ন প্ৰান্তৰ ছবি গৃহ সমূহৰ সমান্তৰালকৈ নাজিৰা বোলছবিতো অসমীয়া ছবি ৰঘুপতি চোৱাৰ উদ্দেশ্যে নাজিৰা বোলছবিত ভিৰ কৰিছেহি বহুজনে। মুক্তি পোৱাৰ প্ৰথম দিনাৰ পৰাই দেখিবলৈ পোৱা গৈছে দৰ্শকৰ ভিৰ আগন্তুক দুটা দিনৰ টিকট সম্পূৰ্ণ বিক্ৰী হৈ গৈছে বুলি পৰিচালনা সমিতিয়ে জানিবলৈ দিয়ে।

নাজিৰাৰ পৰা দিলীপ হাজৰিকাৰ প্ৰতিবেদন

Leave A Reply

Your email address will not be published.