আজি জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅ’ত এটি অত্যাধুনিক অডিঅ’ ভিজুৱেল হাব মুকলি …

আজি জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅ’ত এটি অত্যাধুনিক অডিঅ’ ভিজুৱেল হাব উছৰ্গা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।

অডিঅ’ ভিজুৱেল হাবটোৰ উদ্বোধনে অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ ইতিহাসত এক উল্লেখযোগ্য সংযোজন হিচাপে বিবেচিত হ’ব কিয়নো এতিয়াৰ পৰা সমগ্ৰ ৰাজ্যৰ লগতে উত্তৰ-পূবৰ আন আন ৰাজ্যৰ প্ৰযোজকসকলে বাহিৰৰ ৰাজ্যলৈ যোৱাৰ সলনি তেওঁলোকৰ সকলো কাম-কাজ এই হাবটোতে কৰিব পৰা ব্যৱস্থা কৰা হৈছে।জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅ’ৰ এই হাবটো ৰাজসাহায্যযুক্ত হাৰত ব্যৱহাৰ কৰিব পাৰিব আৰু হাবটোত উপলব্ধ সুবিধাৰ বাবে চলচ্চিত্ৰ নিৰ্মাতাসকলে তেওঁলোকৰ চিত্ৰনাট্যৰ প্ৰয়োজন অনুসৰি তেওঁলোকৰ ছবিত ভিডিঅ’ৰ লগতে অডিঅ’সমূহত শেহতীয়া এফেক্টসমূহ ব্যৱহাৰ কৰিবলৈ সক্ষম হ’ব বুলি কয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

ক’ভিড-১৯ মহামাৰীয়ে অসমীয়া চলচিত্ৰ জগতৰ ওপৰত পেলোৱা প্ৰভাৱ সম্পৰ্কে আমি সকলো অৱগত আৰু সেয়েহে চৰকাৰে অসমীয়া চলচ্চিত্ৰ উদ্যোগক এক নতুন গতি প্ৰদানৰ উদ্দেশ্যে কিছু গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণৰ চিন্তা-চৰ্চা কৰিছে।

তদুপৰি চৰকাৰে অন্যান্য আন্তঃগাঁথনিগত উন্নয়নৰ লগতে জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅ’ত ১৫০০ আসন ক্ষমতাসম্পন্ন এটি প্ৰেক্ষাগৃহ নিৰ্মাণ কৰিব।এই অনুষ্ঠানত কেবিনেট বিমল বড়া, মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা ৰাজ্যসভাৰ সাংসদ শ্ৰীপৱিত্ৰ মাৰ্ঘেৰিটা, জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅ’ ছ’চাইটীৰ অধ্যক্ষ শ্ৰীবিদ্যাসাগৰ বৰাকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Related Articles