আজি ঈদ উল ফিটৰ–উদুলিমুদুলি,শিৱসাগৰ–মছজিদে মছজিদে শান্তিৰ দোৱা

আজি ঈদ উল ফিটৰ।সমগ্র বিশ্বত আজিৰ দিনটোত বিশ্বৰ শান্তি-সম্প্ৰীতিৰ বাবে আল্লাৰ আগত মুছলমান সমাজে নামাজ আদায় কৰিছে।বিশ্বৰ মুছলমান সমাজে আজি পৱিত্ৰ ৰমজান মাহৰ উপবাসৰ পাছত আনন্দ-ফূৰ্তিৰে আল্লাৰ আগত শান্তি আৰু সুস্বাস্থ্যৰ প্ৰাৰ্থনা কৰিছে।ৰমজান মাহত দিনত উপবাসে থাকি আত্মনিয়ন্ত্ৰণৰ জপ কৰাৰ পাছত ছৱল মাহৰ প্ৰথম দিনটোত ইছলাম সমাজে ঈদ উদযাপন কৰে।শিৱসাগৰতো দেখা গৈছে ঈদৰ আনন্দ।শিৱসাগৰৰ আমগুৰি গাওঁ, আমগুৰি ঘাট,দৰবাৰ ৰোড,জেঙনিকটীয়া,ষ্টেচন চাৰিআলি আদি বিভিন্ন ঠাইৰ মছজিদ সমূহ আটকধুনীয়াকৈ সজাই আজি পুৱা ঈদৰ নামাজ আদায় কৰা হৈছে।ইজনে সিজনক মৰম আৰু চেনেহত আকোৱালি ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছে।ঈদৰ ৰাজহুৱা নামাজত বিশ্বৰ শান্তিৰ বাবে দোৱা কৰা হৈছে। ইফালে শিৱসাগৰ নগৰৰ জেঙনিকটীয়া জুম্মা মছজিদত শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ।

ঈদ উল ফিটৰ উপলক্ষে মছজিদত উপস্থিত হৈ মুছলমান সমাজক ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিলে অখিল গগৈয়ে।গণতান্ত্ৰিক পন্থাত বিশ্বাসী সকলো লোক সংখ্যালঘু সমাজৰ লগত আছে বুলি মন্তব্য কৰি বিধায়ক গৰাকীয়ে আজি ঈদৰ দিনা সকলোকে প্ৰেম আৰু ভাতৃত্ববোধৰ দ্বাৰা প্ৰেৰিত হৈ দেশক আগুৱাই নিবলৈ আহবান জনায়। মুঠৰ ওপৰত ৰমজানৰ আত্মনিয়ন্ত্ৰণৰ পাছত সংশোধীত ৰূপত বিশ্বভাতৃত্ব গঠনেই যেন ঈদ উল ফিটৰৰ লক্ষ্য।

Related Articles