গহপুৰ মহকুমাৰ বিলতীয়া গাওঁস্থিত কাৱৈমাৰি সত্ৰত পূৰ্বৰ ৰীতি-নীতি পৰমম্পৰা আৰু শংকৰী প্ৰথাৰে অজি এক শৰনপৰ্ব অনুষ্ঠান অনুস্থিত হয় ।পুৱা দহ বজাৰ পৰা অনুস্থিত এনে এক মাঙ্গলিক অনুষ্ঠানত গহপুৰ বড়িগাঁৱৰ সাতজন শিশু ক্ৰমে প্ৰজ্ঞান প্ৰতিম বৰা শশাংক ভূঞা ডিপ্লু শইকীয়া (গিগি) বিশ্বজিৎ শইকীয়া, বুন শইকীয়া (টিতকু) আৰু অৰুন ভূঞাই শৰণ গ্ৰহন কৰে ।
কাৱৈমাৰী সত্ৰৰ সত্ৰাধিকাৰ উপেন গোস্বামীয়ে অনুস্থানটিত অংশলোৱা নিতুল বৰা ,দীপক শইকীয়া, দুল ভূঞা ,ধন শইকীয়া, দিলীপ ভূঞা ,মুকুল বৰা, ধন গোস্বামী আৰু প্ৰমিলা শইকীয়াৰ উপস্থিতিত চিৰি ব্ৰহ্মৰ জ্ঞান প্ৰদানেৰে গুৰুজনাৰ আৰ্দশৰে শৰণ প্ৰদান কৰে । ত্ৰিবস্ত পৰিধানে অষ্টাংগে সেৱা জনাই শিশু কেইজনক সত্ৰাধিকাৰ উপেন গোস্বামীদেৱে চাৰি ব্ৰহ্ম ক্ৰমে ‘অভয় ব্ৰহ্ম’ ‘শ্ৰী শ্ৰী মন্ত শংকৰদেৱ ‘পৰম ব্ৰহ্ম ‘শ্ৰী কৃষ্ণ ‘শব্দ ব্ৰহ্ম ‘নাম’ আৰু আৰু ভকত’ জ্ঞান প্ৰদানেৰে শৰণ পৰ্ব সম্পন্ন কৰে ।শৰণৰ অন্তত ডেকা সত্ৰাধিকাৰ ধন গোস্বামীৰ হৰি নাম গুনাণু কীৰ্তণৰ নাম-প্ৰসংগই শৰণ অনুষ্ঠান সামৰণি পৰে ।
নিতুল বৰা