আজি ১২ ঘণ্টীয়া চৰাইদেউ জিলা বন্ধ ! চৰাইদেউ জিলা সুৰক্ষা সমিতিসহ বিভিন্ন দল-সংগঠনৰ বন্ধৰ আহ্বান…

দীৰ্ঘদিন ধৰি চৰাইদেউ জিলাখনৰ বহুকেইটা জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ নেতৃত্বৰ লগতে জিলাখনৰ বুদ্ধিজীৱী আৰু বহু সমাজ সেৱী ৰাইজৰ দ্বাৰা গঠন হোৱা চৰাইেউ জিলা সীমা সুৰক্ষা দাবী সমিতিয়ে অহা ১৮/০৭/২০২৪ তাৰিখে চৰাইদেউ মৈদাম ক্ষেত্ৰ চৰাইদেউ জিলাত অন্তৰ্ভুক্তিৰ বাবে ১২ ঘণ্টিয়া চৰাইদেউ জিলা বন্ধ ঘোষণা কৰিছিল।

বন্ধ স্থগিত ৰাখিবৰ বাবে জিলাখনৰ আয়ুক্তৰ উপস্থিতত অনুষ্ঠিত হোৱা বৈঠক খন বিফল হোৱাৰ পিচতে পুনৰ ১৮ জুলাইত চৰাইদেউ জিলা বন্ধ ঘোষণা কৰে । বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতিৰ দিশে ধাৱমান চৰাইদেউ মৈদাম ক্ষেত্ৰ চৰাইদেউ জিলাত অন্তৰ্ভুক্ত নকৰা পৰ্যন্ত অব্যাহত থাকিব সংগ্ৰাম। ঘোষণা কৰিলে বুৰঞ্জীপ্ৰসিদ্ধ চৰাইদেউ জিলা সীমা নিৰ্ধাৰণ দাবী সমিতিয়ে।

বিগত শনিবাৰে চৰাইদেউ জিলা বন্ধ ঘোষণা কৰি চৰকাৰ, প্ৰশাসনৰ স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনোৱাৰ পাছত আজি চৰাইদেউ জিলা প্ৰশাসনে আলোচনাত বহিছিল জিলাৰ দল-সংগঠনৰ সৈতে।আজি ১২ ঘণ্টীয়া চৰাইদেউ জিলা বন্ধ৷ চৰাইদেউ মৈদাম ক্ষেত্ৰ চৰাইদেউ জিলাত অন্তৰ্ভুক্তিৰ দাবীত বন্ধ৷ চৰাইদেউ জিলা সুৰক্ষা সমিতিসহ বিভিন্ন দল-সংগঠনৰ বন্ধৰ আহ্বান৷

Related Articles