Breaking

আজি হিৰোছিমা দিৱস…

0 21

জাপানৰ হিৰোছিমা চহৰত পাৰমাণৱিক হিংস্ৰতাৰ ৭৫সংখ্যক বার্ষিকীত বৃহস্পতিবাৰে দেশবাসীয়ে বিভীষিকাত প্ৰাণ হেৰুওৱা লোকসকলক স্মৰণ কৰিছে। উল্লেখনীয় যে ১৯৪৫ চনৰ ৬ আগষ্টত মার্কিন বোমাৰুৱে পেলোৱা প্ৰথমটো পাৰমাণৱিক বোমাত হিৰোছিমা চহৰত তাৎক্ষণিকভাৱে ঢলি পৰিছিল ১.৪০ লাখ লোকৰ জীৱন। এই নৃশংসতাই পৃথিৱীবাসীক হতচকিত কৰাৰ তিনি দিন পাছত পুনৰ নাগাছাকি চহৰত আমেৰিকাই পেলাইছিল দ্বিতীয়টো আণরিক বোমা। এই আণৱিক আক্ৰমণৰ দুসপ্তাহ পাছতেই জাপানে আত্মসমর্পণ কৰিছিল আৰু অন্ত পৰিছিল দ্বিতীয়


বিশ্বযুদ্ধৰ। ৭৫ বছৰ ধৰি জাপানৰ লগতে বিশ্বৰ শান্তিকামী জনসাধাৰণে হিৰোছিমা-নাগাছাকিৰ
বিভীষিকাক স্মৰণ কৰি এক যুদ্ধমুক্ত পৃথিৱীৰ পোষকতা কৰি আহিছে। অৱশ্যে এইবাৰ ক’ভিড-১৯
মহামাৰীৰ বাবে হিৰোছিমা দিৱসত পূৰ্বৰ দৰে জাপানবাসীয়ে শান্তি সমাৱেশ অনুষ্ঠিত কৰিবলৈ সক্ষম
হোৱা নাই। কিন্তু হিৰোছিমাৰ গণবিধ্বংসী বোমাৰ আঘাতৰ পৰা ৰক্ষা পৰা লোকসকল আৰু প্ৰাণ
হেৰুওৱা অসংখ্যজনৰ নিকট আত্মীয়ক বৃহস্পতিবাৰে দেশখনৰ প্ৰধানমন্ত্ৰী শ্বিনজো আবে আৰু


হিৰোছিমাৰ মেয়ৰে লগ কৰে শান্তি উদ্যানত। এই শান্তি উদ্যান বা পীচ পার্কত উপস্থিত থাকি
প্রধানমন্ত্রী আবে আৰু হিৰোছিমাৰ মেয়ৰ কাজুমি মাছুঁয়ে বিভীষিকাৰ স্মৃতি ৰোমন্থন কৰি কয় যে
হিৰোছিমাত কেতিয়াও পুনৰ জীৱন সম্ভৱ নহ’ব বুলি প্ৰচাৰ চলিছিল। কিন্তু যুদ্ধৰ বিষক্রিয়াত বিধ্বস্ত
হোৱা চহৰখনে পুনৰ প্ৰাণ পাই উঠিছে। যুদ্ধমুক্ত এখন পৃথিৱীৰ বাবে হিংস্রতাত ক্ষত-বিক্ষত
হিৰোছিমাই সদায় শান্তিৰ বাৰ্তা প্ৰেৰণ কৰি অহা বুলিও আবে আৰু মেয়ৰগৰাকীয়ে উল্লেখ কৰে।

Leave A Reply

Your email address will not be published.