Breaking

আজি ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস…

0 19

কিংবদন্তি হকী খেলুৱৈ ধ্যান চান্দৰ জন্ম দিৱস, ২৯ আগষ্টত ভাৰতত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস পালন কৰা হয়। হকী খেলুৱৈ ধ্যান চান্দে ভাৰতৰ হৈ ১৯২৮, ১৯৩২ আৰু ১৯৩৬ চনত অলিম্পিকত সোণৰ পদক লাভ কৰিছিল। ১৯২৬ চনৰ পৰা ১৯৪৯ লৈকে তেওঁ ৫৭০টা গল (তেওঁৰ আত্মজীৱনী অনুসৰি) কৰিছিল।

আন্তঃৰাষ্ট্ৰীয় হকীৰ ৰণক্ষেত্ৰত নিজকে প্ৰতিষ্ঠিত কৰি দেশক কেইবাবাৰো সাফল্যৰ উচ্চ শিখৰত আৰোহণ কৰাইছিল। ভাৰতীয় আৰু বিশ্ব হকীৰ তেওঁ এজন কিংবদন্তি। তেওঁৰ কাৰণে লেখত লবলগীয়া স্মৃতি হৈছে মেজৰ ধ্যান চান্দ বঁটা, ক্ৰীড়া জগতত জীৱনজোৰা সাফল্যৰ বাবে আগবঢ়োৱা সৰ্বোচ্চ সন্মান আৰু তেওঁৰ জন্মদিনটোত উদযাপিত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস। ধ্যান চান্দে তেওঁৰ প্ৰশিক্ষক পংকজ গুপ্তাৰ পৰা হকী খেল শিকিছিল। হকীৰ ক্ষেত্ৰখনত ধ্যান চান্দৰ সমকক্ষ কোনো নাই। ১৯০৫ চনৰ ২৯ আগষ্টত জন্মগ্ৰহণ কৰা ধ্যান চান্দৰ সন্মানতে ভাৰতত ২৯ আগষ্টত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস পালন কৰা হয়।

ইৰাণ
ইৰাণত ১৭ অক্টোবৰ দিনটোক শাৰীৰিক শিক্ষা আৰু ক্ৰীড়া দিৱস হিচাপে জনা যায় আৰু ১৭ অক্টোবৰৰ পৰা ২৩ অক্টোবৰলৈ সপ্তাহটোক শাৰীৰিক শিক্ষা আৰু ক্ৰীড়া সপ্তাহ হিচাপে জনা যায়।[4] ইয়াৰ প্ৰধান উদ্দেশ্য হৈছে ব্যক্তিৰ ব্যক্তিগত আৰু সামাজিক জীৱনত ব্যায়ামৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰা আৰু সংবিধানৰ তিনি নং অনুচ্ছেদত গুৰুত্ব আৰোপ কৰা।

জাপান
জাপানৰ স্বাস্থ্য আৰু ক্ৰীড়া দিৱস) হৈছে অক্টোবৰ মাহত স্মৃতি তৰ্পণ কৰা এক ৰাষ্ট্ৰীয় দিৱস। ১৯৬৬ চনৰ ১০ অক্টোবৰত ইয়াক প্ৰথম পালন কৰা হৈছিল। টকিঅ’ত অনুষ্ঠিত ১৯৬৪ ৰ গ্ৰীষ্ম অলিম্পিকৰ আৰম্ভণিৰ দ্বিতীয় বৰ্ষপূৰ্তিত এইয়া উদযাপন কৰা হৈছিল। ২০০০ চনৰ পৰা ইয়াক অক্টোবৰ মাহৰ দ্বিতীয় সোমবাৰে পালন কৰা হয়।

মালয়েছিয়া
মালয়েছিয়াত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস হৈছে জনসাধাৰণৰ মাজত এক স্বাস্থ্যকৰ জীৱনশৈলীৰ প্ৰচলনৰ উদ্দেশ্যে অক্টোবৰ মাহৰ দ্বিতীয় শনিবাৰত উদযাপিত এক দিৱস। ২০১৫ চনত প্ৰথম দিৱসটো উদযাপিত হৈছিল।

কাটাৰ
কাটাৰত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস হৈছে প্ৰতি বছৰে ফেব্ৰুৱাৰী মাহৰ দ্বিতীয় মঙ্গলবাৰে উদযাপন কৰা এক ৰাষ্ট্ৰীয় দিৱস। জনসাধাৰণৰ মাজত এক স্বাস্থ্যকৰ জীৱনশৈলীৰ প্ৰচলনেই ইয়াৰ প্ৰধান উদ্দেশ্য।[9] এই দিৱস ২০১২ চনত প্ৰথম উদযাপিত হৈছিল।

Leave A Reply

Your email address will not be published.