Breaking

আজি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ জন্মদিন ! কেজৰিৱালৰ শিক্ষা আৰু কৰ্ম জীৱনৰ বিষয়ে জানক…

0 21

১৯৬৮ চনৰ ১৬ জুনত ভাৰতবৰ্ষৰ হাৰিয়ানাৰ হিচাৰত অৰবিন্দ কেজৰিৱালৰ জন্ম হয়। তেখেতৰ পিতৃ এজন অভিযন্তা আছিল। গোটেই শৈশৱকালটো তখেতে উত্তৰ ভাৰতৰ সৰু নগৰ যেনে সোনেপত, মথুৰা, হিচাৰ আদিতেই অতিবাহিত কৰে।

১৯৮৯ চনত কেজৰিৱালে ইন্ডিয়ান ইনষ্টিটিউট অফ টেকনল’জি, খড়গপুৰ (IIT Kharagpur)ৰ পৰা মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগত বি.টেক ডিগ্ৰী লাভ কৰে।

টাটা ষ্টীল(TATA Steel)ৰ এগৰাকী কৰ্মচাৰী হিচাপে কেজৰিৱালে তেখেতৰ চাকৰি জীৱন আৰম্ভ কৰে। ১৯৯২ চনত কেজৰিৱালে চাকৰীত ইস্তফা দি, কলিকতাত থকা মাদাৰ টেৰেছাৰ মিশ্যনেৰীজ অফ চ্যাৰিটি, উত্তৰ-পূৱ ভাৰতৰ ৰামকৃষ্ণ মিচন, নেহৰু যোগ কেন্দ্ৰ আদিৰ সৈতে ভালেখিনি সময় জড়িত থাকে।

১৯৯৫ চনত এখেতে ভাৰতৰ ৰাজহ সেৱা (Indian Revenue Service (IRS)) বিভাগত আয়কৰ শাখাৰ অতিৰিক্ত আয়ুক্ত হিচাপে কাৰ্য্যভাৰ গ্ৰহন কৰে।

২০০০চনত এখেতে চাকৰীৰ পৰা সাময়িক বিৰতি লৈ দিল্লীত পৰিৱৰ্তন নামেৰে এটা সংস্থাৰ জন্ম দিয়ে। ২০০৬ চনৰ ফেব্ৰুৱাৰী মাহত কেজৰিৱালে চাকৰীৰ পৰা অব্যাহতি গ্ৰহন কৰে।

২০০৬ চনৰ ডিচেম্বৰত কেজৰিৱালে মনিষ শিষোদিয়া আৰু অভিনন্দন শেখ্ৰীৰ সৈতে লগ হৈ পাব্লিক ক’জ ৰিচাৰ্ছ ফান্ডেচন নামেৰে আন এটি সংস্থা প্ৰতিস্থা কৰে।

সন্মান আৰু পুৰষ্কাৰ
২০০৪ চন – অশোক ফেল’, অশোক ইনোভেটৰচ ফৰ পাব্লিক
২০০৫ চন – সত্যেন্দ্ৰ দুবে স্মাৰক বটাঁ (Satyendra Dubey Memorial Award, IIT Kanpur)
২০০৬ চন – ৰামন মেগচেচে পুৰস্কাৰ
২০০৬ চন – চি এন এন-আই বি এন, ইন্ডিয়ান অফ দা ইয়েৰ
২০০৯ চন – বিশিষ্ট প্ৰাক্তন ছাত্ৰ বটাঁ, ইন্ডিয়ান ইনষ্টিটিউট অফ টেকনল’জি, খড়গপুৰ
২০১০ চন – দা ইক’ন’মিক টাইমচ এৱাৰ্ড

Leave A Reply

Your email address will not be published.