আজি ‘মিছাইল মেন’ ড০ এ পি জে আব্দুল কালামৰ জন্মদিন…

ভদ্ৰলোক এজনে প্ৰত্যেক দিনাই এজন বৃদ্ধাৰ ফল দোকানৰ পৰা আপেল কিনে! প্ৰতিদিনেই আপেল কিনি লোৱাৰ পিছত আপেল এটা হাতত লৈ কয়– আপোনাৰ আপেল বোৰ টেঙা… একেবাৰেই সোৱাদ নাই! এই লওক এটা খাই চাওক… বুলি কৈ নিজে কিনি লোৱা আপেলৰ পৰা এটা আপেল আগবঢ়াই দিয়ে …

আৰু বৃদ্ধাই আপেল খাই যেতিয়াই কয় যে– সোৱাদ ঠিকেই আছে, আপেল মিঠা! তেতিয়াই ভদ্ৰলোক জন সেই স্থানৰ পৰা গুচি যায়…

এদিনাখন ভদ্ৰলোক জনে তেওঁৰ পত্নীক লগত লৈ সেই বৃদ্ধাৰ দোকানৰ পৰা আপেল কিনিবলৈ আহিল আৰু আপেল কিনাৰ পিছত সেই দিনাও সেই একেই কথা ….

আপেল লৈ ঘৰত যোৱাৰ পথত তেওঁৰ পত্নীয়ে কলে– তুমি সেই বৃদ্ধা দোকানিৰ লগত মিছা কিয় কোৱা? মই তো আপেল খাই বুজিলো আপেল বোৰ তো টেঙা নাছিল!

ভদ্ৰলোক জনে কলে– আচলতে মই জানো আপেল বোৰ মিঠা, খুব ভাল আপেল বুলি কিন্তু তুমি দেখিছানে! সেই বৃদ্ধা জনৰ স্বাস্থৰ অবস্থা ভাল নহয়, বহুত কষ্টৰে তেওঁ এমুঠি আহাৰ যোগাৰ কৰে। মই যেনিবা প্ৰতিদিনে মিছা কৈয়ে মোৰ ভাগৰ এটা আপেল তেওঁক দিলোঁ তাতেই মই বহুত সুখী অনুভৱ কৰোঁ।

পিচে এইফালে আপেল বিক্ৰী কৰা বৃদ্ধাৰ কাষতে এজন পাচলি বিক্ৰেতাই এই ঘটনাটো বহু দিনৰ পৰাই লক্ষ্য কৰি আছে, তেওঁ হঠাৎ এদিন কলে– মই প্ৰতিদিনেই লক্ষ্য কৰি আছোঁ আপুনি এই ভদ্ৰলোক জনক নিৰ্দিষ্ট ওজনৰ পাৰা অলপ বেছিকৈ আপেল দিয়ে …

বৃদ্ধাই হাহি মাৰি কলে– মই জানো, তেওঁ প্ৰত্যেক দিনাই মিছা কথা কৈ মোক এটা আপেল খুৱাই থৈ যায়। তেওঁ ভাবিছে মই বুজি নাপাওঁ বুলি! তেওঁৰ প্ৰতি ভালপোৱা ৰক্ষা কৰি ময়ো মোৰ ওজনৰ মাপ কাঠিটো অলপ হেলনীয়া কৰি দিওঁ।।

কিছু মৰম, ভালপোৱা বৰ্ণনা কৰিও বুজাব নোৱাৰি। এইবোৰ টকাৰ বিনিময়তো জুখিব নোৱাৰি, কেৱল অনুভৱহে কৰিব পৰা যায়।এনে আৰৰ ভালপোৱা আমি বহুতকে দিওঁ, হয়তো বহুতৰ পৰাও পাও কিন্তু কোনেও কাকো বুজিবলৈ নিদিওঁ।।

বিঃদ্ৰঃ আব্দুল কালাম ছাৰৰ কিতাপৰ পৰা সংগ্ৰহ

Related Articles