Breaking

আজি পবিত্ৰ ভাদ মাহৰ প্ৰথমটো দিন ! হৰিনামৰ ধ্বনিৰে মুখৰিত ৰাজ্যৰ সত্ৰ-নামঘৰ…

0 35

আজি পবিত্ৰ ভাদ মাহৰ প্ৰথমটো দিন। হৰিনামৰ ধ্বনিৰে মুখৰিত ৰাজ্যৰ সত্ৰ-নামঘৰ। অসমীয়া সমাজ জীৱনৰ আটাইতকৈ পবিত্ৰ ভাদ মাহৰ আজি প্ৰথমটো দিন। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ তিৰোভাব তিথি, ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী, নন্দোৎসৱ আদি বিভিন্ন তিথি, মহোৎসৱৰ সমাহাৰেৰে পবিত্ৰ ভাদ মাহটো সকলোৰে আদৰৰ।

যোৰহাটৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰতো আৰম্ভ হ’ল মাহজোৰা পালনাম। পুৱাই খোল–তাল–ডবা–শংখৰ ধ্বনিৰে মুখৰিত হ’ল ঢেকীয়াখোৱা বৰনামঘৰ। হৰি নামৰ ৰসেৰে মুখৰিত হৈছে চৌপাশ।

বটদ্ৰৱা থানত পপবিত্ৰ ভাদ মাহ উপলক্ষে ভকত বৈষ্ণৱৰ মাজত আনন্দ উল্লাস পৰিলক্ষিত হৈছে। দূৰদূৰণিৰ তীৰ্থযাত্ৰী আগমন ঘটিছে। হৰি নামৰ অমৃতসৰ নিজৰা বোৱাই আজিৰে পৰা বটদ্রৱা থানত ওঠৰ প্রসঙ্গৰে পুৱাৰে পৰা মাজ নিশালৈ যতি নপৰাকৈ ভকত বৈষ্ণৱে নাম কীৰ্তন কৰিব।

Leave A Reply

Your email address will not be published.