Breaking

আজি কৃষক আন্দোলনৰ তৃতীয় দিন, দিল্লীৰ পৰা চণ্ডীগড়লৈ কৰিব যাত্ৰা…

0 50

আজি কৃষক আন্দোলনৰ তৃতীয় দিন আৰু আজি কৃষকসকলে পুনৰ দিল্লীলৈ সমদল উলিয়াবলৈ চেষ্টা কৰিছে। এই কৃষকৰ দলটো এতিয়াও পঞ্জাৱ আৰু হাৰিয়ানা সংযোগী শম্ভু সীমান্তত আছে। প্ৰথম দিনাই কৃষক আন্দোলনে হিংসাত্মক ৰূপ ধাৰণ কৰে। পঞ্জাৱ আৰু হাৰিয়ানা সংযোগী শম্ভু সীমান্তত বিৰাট হুলস্থুলৰ সৃষ্টি হয় আৰু আন্দোলনৰ লগত জড়িত একাংশ লোকে শিলগুটি নিক্ষেপ কৰে। একে সময়তে আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰে। অৱশ্যে আৰক্ষীৰ কঠোৰ ব্যৱস্থাৰ পাছতো কৃষকসকল দৃঢ়তাৰে থাকিল। কৃষকসকলে আৰক্ষীক একনায়কত্ববাদী বুলি অভিযোগ উত্থাপন কৰে। একে সময়তে কৃষকক বাধা দিবলৈ দিল্লীৰ সকলো সীমান্ত ছীল কৰা হৈছিল, যাৰ বাবে বহু অঞ্চলত প্ৰচণ্ড যান-জঁটৰ সৃষ্টি হৈছিল। কৃষক আন্দোলনৰ প্ৰথম দিনাই দিল্লীৰ জনসাধাৰণে বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছিল। প্ৰচণ্ড যান-জঁটৰ বাবে অহা-যোৱা কৰা লোকসকলে যথেষ্ট সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছিল। ৰাইজৰ এই সমস্যা আজিও অব্যাহত আছে, কাৰণ কৃষকসকলে দিল্লীলৈ সমদল কৰাৰ সিদ্ধান্তত অটল। আন্দোলনৰ প্ৰথম দিনাই পঞ্জাৱৰ কৃষকসকলে শ শ ট্ৰেক্টৰেৰে দিল্লী অভিমুখে আগবাঢ়িছিল যদিও পঞ্জাৱ-হাৰিয়ানা সীমান্তত তেওঁলোকক ৰখাই দিয়া হৈছিল। আজি আন্দোলনৰ দ্বিতীয় দিনটোত কৃষকসকলে পুনৰ দিল্লীলৈ সমদল উলিয়াবলৈ চেষ্টা কৰিছে। এই কৃষকৰ দলটো এতিয়াও পঞ্জাৱ আৰু হাৰিয়ানা সংযোগী শম্ভু সীমান্তত আছে।

পুনৰ আৰম্ভ হোৱা কৃষক আন্দোলনক লৈ পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানক লক্ষ্য কৰি আকালি দলৰ নেতা হৰসিমৰাট কৌৰ বাদলে পোষ্ট কৰি কয়, ‘পাঞ্জাৱৰ মুখ্যমন্ত্ৰীয়ে বহু প্ৰশ্নৰ উত্তৰ দিব লাগিব। হাৰিয়ানা চৰকাৰৰ লগত কিয় লীগ মেচ খেলিছে বুলি প্ৰশ্ন কৰিছে? আনহাতে আজি কেন্দ্ৰীয় চৰকাৰৰে তৃতীয়সংখ্যক বৈঠক প্ৰতিবাদী কৃষকৰ। বিয়লি ৫ বজাত চণ্ডীগড়ত অনুষ্ঠিত হ’ব বৈঠক। দিল্লীলৈ কৃষকৰ প্ৰতিবাদী যাত্ৰাৰ মাজতে অনুষ্ঠিত হ’ব এই বৈঠক। পঞ্জাৱ-হাৰিয়ানাৰ শম্ভু সীমান্তত সমৱেত হাজাৰ হাজাৰ কৃষক। চৰকাৰৰ হৈ বৈঠকত থাকিব কৃষিমন্ত্ৰী অৰ্জুন মুণ্ডা, বাণিজ্য-উদ্যোগ মন্ত্ৰী পীয়ূষ গোৱেল। লগতে থাকিব গৃহ বিভাগৰ ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায়।

Leave A Reply

Your email address will not be published.