Breaking

আজি কৃষক আন্দোলনৰ ষষ্ঠ দিন, পুনৰ কৃষকৰ সৈতে বৈঠক হ’ব কেন্দ্ৰীয় চৰকাৰৰ…

0 28

আজি কৃষক আন্দোলনৰ ষষ্ঠ দিন, পুনৰ কৃষকৰ সৈতে বৈঠক হ’ব কেন্দ্ৰীয় চৰকাৰৰ। কেন্দ্ৰীয় মন্ত্ৰীসকলৰ সৈতে হোৱা বৈঠকৰ এদিন পূৰ্বে কৃষক নেতাসকলে কেন্দ্রই এম এছ পি সকলক আইনী আশ্বাস প্ৰদান কৰি এক অধ্যাদেশ জাৰি কৰিবলৈ অনুৰোধ জনায়। শম্ভু সীমান্তত কৃষকৰ প্ৰতিবাদ ষষ্ঠ দিনত প্ৰৱেশ কৰাৰ লগে লগে কেন্দ্ৰীয় মন্ত্ৰী অৰ্জুন মুণ্ডা, পীযুষ গোৱাল, আৰু নিত্যানন্দ ৰায়, কৃষক সংঘৰ নেতাসকলৰ সৈতে দেওবাৰে চতুৰ্থ ৰাউণ্ডৰ আলোচনাৰ বাবে বৈঠকত মিলিত হ’ব।

ইয়াৰ পূৰ্বে ৮, ১২, ১৫ ফেব্ৰুৱাৰীত দুয়োপক্ষই বৈঠকত মিলিত হৈছিল যদিও আলোচনা অকাৰ্যকৰী হৈ পৰিছিল। ১৩ ফেব্ৰুৱাৰীত পঞ্জাৱৰ কৃষকসকলে দিল্লীলৈ যাত্ৰা আৰম্ভ কৰিছিল যদিও পঞ্জাৱৰ হাৰিয়ানা সীমান্তৰ শম্ভু আৰু খানৌৰী পইণ্টত নিৰাপত্তাৰক্ষীয়ে বাধা প্ৰদান কৰিছিল। তাৰ পিছৰে পৰা সীমান্ত ক্ৰছিং দুটাতে বিক্ষোভকাৰীসকল। এম এছ পিৰ বাবে আইনী নিশ্চয়তাৰ বাহিৰেও কৃষকসকলে স্বামীনাথন আয়োগৰ পৰামৰ্শ, কৃষক আৰু কৃষি শ্ৰমিকৰ বাবে পেঞ্চন, কৃষি ঋণ ৰেহাই, আৰক্ষীৰ অভিযোগ খাৰিজ আদি কাৰ্যকৰী কৰিবলৈ বিচাৰিছে।

Leave A Reply

Your email address will not be published.