Breaking

vishwakarma puja: আজি বিশ্বখনিকৰ বিশ্বকৰ্মা পূজা। পূজাৰ শুভ সময় কেতিয়ালৈ

44

আজি শ্ৰীশ্ৰী বিশ্বকৰ্মা পূজা। বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা উপলক্ষে সৰ্বত্ৰে মাংগলিক পূজা অৰ্চনা আৰু আধ্যাত্মিক পৰিৱেশ বিৰাজ কৰিছে৷ (Today is vishwakarma puja)

গুৱাহাটী, ১৭ ছেপ্টেম্বৰঃ আজি শ্ৰীশ্ৰী বিশ্বকৰ্মা পূজা। বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা উপলক্ষে সৰ্বত্ৰে মাংগলিক পূজা অৰ্চনা আৰু আধ্যাত্মিক পৰিৱেশ বিৰাজ কৰিছে৷ অসমৰ লগতে দেশজুৰি পালন আজি বিশ্বকৰ্মা পূজা।‌ এইবাৰ বিশ্বকৰ্মা পূজাৰ শুভ সময় পুৱা ৬.০৭ বজাৰ পৰা ১১.৪৩ বজালৈ হ’ব। এই সময়ত পূজা কৰিলে ভক্তই বিশেষ আশীৰ্বাদ লাভ কৰিব।(Today is vishwakarma puja)

প্ৰতি বছৰে ১৭ ছেপ্টেম্বৰত বিশ্বকৰ্মা পূজা পালন কৰা হয়। অশ্বিন কৃষ্ণ পক্ষৰ প্ৰতিপদ তাৰিখত ভগৱান বিশ্বকৰ্মাৰ জন্ম হৈছিল বুলি কোৱা হয়, একাংশই ভাদ মাহৰ শেষত বিশ্বকৰ্মা পূজা কৰা ভাল বুলি কয়। ইয়াৰ বাহিৰেও এটা বিশ্বাসৰ উন্মেষ ঘটিছিল যে বিশ্বকৰ্মা পূজাৰ সিদ্ধান্ত সূৰ্য্যৰ সংক্ৰমণ অনুযায়ী কৰা হৈছিল। পিছলৈ এই দিনটো সূৰ্য সংক্ৰান্তি হিচাপে পালন কৰিবলৈ আৰম্ভ কৰে। এই দিনটোতেই বিশ্বকৰ্মা পূজা পতা হয়। (vishwakarma puja)

আজি দেশৰ লগতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা অনুষ্ঠিত কৰা হৈছে। ব্যক্তিগতভাৱে আৰু ৰাজহুৱাভাৱে আয়োজন কৰা পূজাৰ স্থান সমূহত মাংগলিক ৰীতিনীতিৰে আৰু পৰম্পৰাগত পদ্ধতিৰে বিশ্ব খনিকৰক স্মৰণ কৰা হৈছে৷

সংবাদ প্ৰতিষ্ঠান, গেৰেজ, কাৰখানা, উদ্যোগ, শিক্ষানুষ্ঠানকে ধৰি সকলো নিৰ্মাণ প্ৰতিষ্ঠানত বিশ্বকৰ্মা পূজাৰ আয়োজন কৰিছে৷ সনাতী পৰম্পৰাত সকলো জাতি জনগোষ্ঠী আৰু সকলো ধৰ্মাৱলম্বী লোকে বিশ্বকৰ্মা পূজাত অংশগ্ৰহণ কৰাতো লক্ষ্যনীয়৷

আনহাতে মৃৎ শিল্পীয়ে জনোৱা মতে মূৰ্তি নিৰ্মাণ কৰা সামগ্ৰীসমূহ বাহিৰৰ পৰা গুৱাহাটীলৈ আহে। খেৰ, বাঁহ, মাটিসমূহ মহানগৰীৰ বাহিৰৰ পৰা আৰু পাৰ্শ্বৱতী এলেকা আদি ঠাইৰ পৰা আহে। ৰং বিলাক আহে কলকাতাৰ পৰা। আনহাতে মূৰ্তিৰ আকাৰ আৰু ডিজাইনক লৈ দামবোৰো পৃথক পৃথক হোৱা দেখা যায়। একোটা বিশ্বকৰ্মা মূৰ্তিৰ দাম ২০০০ টকাৰ পৰা ১০ হাজাৰ টকা পৰ্যন্ত বিক্ৰী কৰা দেখা গৈছে। পূৰ্বৰ তুলনাত মূৰ্তিৰ চাহিদা বৃদ্ধি পাইছে বুলিও উল্লেখ কৰে মৃত শিল্পীয়ে।‌

বিশ্বখনিকৰৰ পূজা উপলক্ষে ১৭ ছেপ্টেম্বৰত ৰাজ্যৰ কল-কাৰখানা, উদ্যোগ-প্ৰতিষ্ঠান, গেৰেজ, চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠানত অনুষ্ঠিত কৰা হৈছে বিশ্বকৰ্মা পূজা।

Comments are closed.