আজি বিশ্ব মগজু দিৱস। যদি আপুনি মগজুৰ ৰোগৰ পৰা আঁতৰি থাকিব বিচাৰে তেন্তে এই স্বাস্থ্যকৰ অভ্যাসৰ সৈতে গঢ়ি তোলক বন্ধুত্ব। বহু গৱেষণাত প্ৰমাণ পোৱা গৈছে যে যদি আপুনি স্বাস্থ্য আৰু মন দুয়োটাই শক্তিশালী কৰি ৰাখিব বিচাৰে তেন্তে আপোনাৰ জীৱনশৈলী সুস্থ কৰি ৰাখিব লাগিব। মগজু সুস্থ কৰি ৰাখিবলৈ, ভাল খাদ্য গ্ৰহণ, ওজন নিয়ন্ত্ৰণ কৰা, ধূমপান নকৰা, বি পি নিয়ন্ত্ৰণত ৰখা, কলেষ্টেৰল নিয়ন্ত্ৰণ কৰিব লাগিব। মগজু সুস্থ কৰি ৰাকিবলৈ আপুনি কি কি কৰিব…
কিতাপ পঢ়া এটা ভাল অভ্যাস আৰু ই আপোনাৰ মনটোও সুস্থ কৰি ৰাখে। পঢ়াই মনটো সদায় সক্ৰিয় কৰি ৰাখে। যাৰ বাবে যিকোনো ৰোগ হোৱাৰ সম্ভাৱনা কমি যায়।
শাৰীৰিক কাৰ্য্যকলাপে মগজুৰ কোষবোৰক সুস্থ কৰি ৰখাত সহায় কৰে। নিয়মীয়া ব্যায়ামৰ ফলত মগজুলৈ তেজৰ সোঁত বৃদ্ধি পায়। ইয়াৰ কাৰ্যক্ষমতা বৃদ্ধি পায় আৰু যিকোনো ৰোগৰ সম্ভাৱনা কমি যায়।
ফল-মূল, শাক-পাচলি, কম প্ৰটিন থকা খাদ্যই মগজুৰ অনুকূল স্বাস্থ্য প্ৰদান কৰে। প্ৰচেছড খাদ্য আৰু চেনিযুক্ত পানীয় পৰিহাৰ কৰক।
সুষম খাদ্যৰ লগতে স্বাস্থ্যসন্মত ওজন বজাই ৰখাটোও গুৰুত্বপূৰ্ণ। মেদবহুলতাৰ ফলত মগজুৰ বিকাৰকে ধৰি বিভিন্ন স্বাস্থ্যজনিত জটিলতাৰ সৃষ্টি হ’ব পাৰে।
অত্যাধিক ধূমপানে মগজুত অতি ক্ষতিকাৰক প্ৰভাৱ পেলায়। কেৱল এয়াই নহয়, ই ষ্ট্ৰোক আৰু এলঝেইমাৰ ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে।
উচ্চ বিপিয়ে মগজুৰ দুৰ্বল স্নায়ুৰ ক্ষতি কৰিব পাৰে। আনকি ইয়াৰ বাবেই ষ্ট্ৰোকৰ আশংকাও থাকে।
ব্লাড চুগাৰৰ পৰীক্ষা মাজে সময়ে কৰাই থাকিব লাগে। তেজত চুগাৰৰ পৰিমাণ বেছি হ’লে মগজুৰ ক্ষতি হ’ব পাৰে। ইয়াৰ ফলত স্মৃতিশক্তি আৰু শিক্ষণত সমস্যাৰ সৃষ্টি হ’ব পাৰে। ইয়াৰ লগতে মেজাজৰ পৰিৱৰ্তন, ওজন বৃদ্ধি, হৰম’নৰ পৰিৱৰ্তন আৰু এলঝেইমাৰ ৰোগৰ সম্ভাৱনাও বৃদ্ধি পায়।
গতিকে মগজু সুস্থ কৰি ৰাখিবলৈ এই নীতি-নিয়ম সমূহ মানি চলিবলৈ চেষ্টা কৰিব।