Breaking

আজি বিশ্ব হেপাটাইটিছ দিৱস ! হেপাটাইটিছ প্ৰতিৰোধৰ বিষয়ে জানক…

0 25

আজি বিশ্ব হেপাটাইটিছ দিৱস। হেপাটাইটিচ সম্পৰ্কে জনসজাগতাৰ সৃষ্টি কৰা আৰু ইয়াৰ প্ৰতিৰোধ, প্ৰতিকাৰ সম্পৰ্কে জনসাধাৰণক অৱগত কৰোৱাৰ উদ্দেশ্যে পালন কৰা হয় এই দিৱস।

সমগ্ৰ বিশ্বতে প্ৰতিবছৰে বহু নিযুত লোক হেপাটাইটিছ  ৰোগত আক্ৰান্ত হয় আৰু ইয়াৰ বহুসংখ্যক লোকৰ এই ৰোগত মৃত্যু হয়।হেপাটাইটিছ ‘এ’ ,’বি’, ‘চি’, ‘ডি’, ‘ই’ আৰু ‘জি’ ভাইৰাছৰ স্ংক্ৰমণৰ বাবে মানৱ শৰীৰৰ অতি গুৰুত্বপুৰ্ণ অংগ যকৃতত হোৱা এবিধ প্ৰদাহজনিত ৰোগ হ’ল ভাইৰেল হেপাটাইটিছ।সাধাৰণতে হেপাটাইটিছ ‘এ’ আৰু ‘এ’ ভাইৰাছে ‘একিউট হেপাটাইটিছ’ৰোগ সৃষ্টি কৰে।এই ভাইৰাছ মিহলি দুষিত খাদ্য আৰু পানী খালে এইবিধ  ভাইৰেল হেপাটাইটিছ ৰোগ হয়।ই কম দিনৰ বাবে থাকে আৰু তুলনামুলকভাৱে কম ভয়াৱহ।কিন্তু,হেপাটাইটিছ ‘বি’, ‘চি’ আৰু ‘ডি’ ভাইৰাছৰ স্ংক্ৰমণৰ বীবে হোৱা হেপাটাইটিছ যথেষ্ট জটিল আৰু ভয়াৱহ।আজিৰ তাৰিখত সমগ্ৰ বিশ্বত প্ৰায় ৫০০ নিযুত লোক হেপাটাইটিছ ‘বি’ আৰু’চি’ ভাইৰাছৰদ্বাৰা আক্ৰান্ত হয় প্ৰায় ১.৫ নিযুত হেপাটাইটিছ

ৰোগীৰ বছৰি মৃত্যু হয়।প্ৰতি ১২ জন লোকৰ ভিতৰত এজন লোকৰ হেপাটাইটিছ  ‘বি’ বা ‘চি’ ৰোগত আক্ৰান্ত হোৱাৰ আশ্ংকা থাকে। বিশ্ব স্বাস্থ্য স্ংস্থাৰ মতে,হেপাটাইটিছ ‘বি’ ভাইৰাছৰদ্বাৰা স্ংঘটিত হেপাটাইটিছ ‘বি’ ৰোগত বিশ্বত অতি কমেও  দুশ কোটি লোক আক্ৰান্ত হৈ আছে আৰু ইয়াৰ প্ৰায় ৩৬০ নিযুত লোকৰ অৱস্থা গুৰুতৰ।ভাৰতবৰ্ষত প্ৰায় ৩৭ নিযুত লোক হেপাটাইটিছ ‘বি’ ভাইৰাছৰদ্বাৰা আক্ৰান্ত। প্ৰতিবছৰে সমগ্ৰ বিশ্বতে হেপাটাইটিছ ‘বি’  ৰোগত আক্ৰান্ত প্ৰায় ৬ লাখ লোকে অকালতে প্ৰাণ হেৰুৱাব লগা হয়। হেপাটাইটিছ ‘চি’ ভাইৰাছৰদ্বাৰাই গোটেই বিশ্বতে প্ৰায় ১৮৫ নিযুত আৰু ভাৰতবৰ্ষত প্ৰায়  ১২ নিযুত লোক আক্ৰান্ত হৈ আছে।ভাৰতৰ ভিতৰত সৰ্বাধিক স্ংক্ৰমণ থকা ৰাজ্য দুখন হ’ল পঞ্জাব (৫.২ শতাংশ) আৰু অৰুণাচল প্ৰদেশ(৭.২৯ শতাংশ)।বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি ভাৰতত প্ৰতি বছৰে ৯৬ হাজাৰ লোকৰ হেপাটাইটিছ ‘চি’ৰ সংক্ৰমণৰ ফলত মৃতুয় হয়।

হেপাটাইটিছ ‘বি’,’চি’ আৰু ‘ডি’ ভাইৰাছ সংক্ৰমণ এক নীৰৱ ঘাতক।এনে ‘হেপাটাইটিছ’ ৰোগ ভয়াৱহ হোৱাৰ মুলতে হ’ল, এই ৰোগত আক্ৰান্ত লোকসকলৰ শৰীৰত প্ৰথম অৱস্থাত কোনো ধৰণৰ বিশেষ লক্ষণ প্ৰকাশ নাপায়।ফলত ৰোগীয়ে গম নোপোৱাকৈয়ে লিভাৰটো নষ্ট হ’বলৈ আৰম্ভ কৰে আৰু পিছলৈ লিভাৰ চিৰোছিছ, লিভাৰৰ কৰ্কট ৰোগ আৰু লিভাৰ ফেইলৰ আদি হৈ ৰোগীৰ জীৱনলৈ সংশয় নামি আহে।পিছলৈ লিভাৰ প্ৰতিষ্ঠাপন কৰাব লগাও হ’ব পাৰে।সাধাৰণতে অন্তিম পৰ্যায়তহে এই ৰোগ ধৰা পৰে আৰু তেতিয়ালৈকে চিকিৎসকৰ কৰিবলগীয়া একো নাথাকে।সেয়েহে বহু ৰোগীয়ে মৃত্যুবৰণ কৰিবলগীয়া হয়।উল্লেখযোগ্য যে হেপাটাইটিছ ‘বি’ আৰু ‘চি’ সমগ্ৰ বিশ্বৰ বাবে এইডছতকৈও বেছি ভয়াৱহ। এইচ আই ভি ৰোগতকৈ  হেপাটাইটিছ ‘বি’ ১০০০ গুণে অধিক স্ংক্ৰামক আৰু ই বিশ্বৰ অষ্টম হত্যাকাৰী ৰোগ।

Leave A Reply

Your email address will not be published.