Breaking

আজি বিশ্ব হাওঁফাওঁ কৰ্কট দিৱস : হাওঁফাওঁৰ কৰ্কট ৰোগৰ লক্ষণ সমূহ কিদৰে চিনাক্ত কৰিব…

0 222


শৰীৰৰ যিকোনো অংগত কৰ্কট ৰোগ বিপদজনক আৰু মাৰাত্মক। ১ আগষ্টৰ দিনটোক ‘বিশ্ব হাওঁফাওঁৰ কৰ্কট দিৱস’ হিচাপে পালন কৰা হয়। এই দিৱস পালন কৰাৰ আঁৰৰ কাৰণ হৈছে এই মাৰাত্মক ৰোগৰ বিষয়ে মানুহক সজাগ কৰা। বিশেষকৈ ভাৰতত হাওঁফাওঁৰ কৰ্কট ৰোগ অন্যতম সাধাৰণ কৰ্কট ৰোগ।
হাওঁফাওঁৰ কৰ্কট ৰোগ দুই প্ৰকাৰৰ-
যিসকল লোকে বেছি ধূমপান কৰে। তেওঁলোকৰ হাওঁফাওঁৰ কৰ্কট ৰোগৰ আশংকা বেছি। ই আটাইতকৈ দ্ৰুতগতিত বিয়পি পৰা কৰ্কট ৰোগ। এই কেন্সাৰ ধৰা পৰাৰ সময়লৈকে এই কেন্সাৰ বিয়পি পৰে সকলোতে।
হাওঁফাওঁত হোৱা স্বাভাৱিক কৰ্কট ৰোগ আৰু এই কেন্সাৰ ৮০ শতাংশ লোকৰ ক্ষেত্ৰত দেখা দিয়ে। ইয়াৰ ভিতৰত এডিন’কাৰ্চিনোমা, স্ক্ৱামাছ, চেল কাৰ্চিনোমা আৰু বৃহৎ কোষ আদি উল্লেখযোগ্য।


হাওঁফাওঁৰ কৰ্কট ৰোগৰ মূল লক্ষণ সমূহ হৈছে-
বহুদিন ধৰি হোৱা কাহ
বুকুৰ বিষ
উশাহ লোৱাত কষ্ট পোৱা
কাহত তেজ ওলোৱা
সকলো সময়তে ভাগৰুৱা অনুভৱ কৰা
খাদ্য খোৱাৰ পিছতো ওজন কমি যোৱা
ভোক কমি যোৱা
মূৰৰ বিষ আদি


হাওঁফাওঁৰ কৰ্কট ৰোগৰ এটা ডাঙৰ কাৰণ হ’ল প্ৰচুৰ পৰিমাণে চিগাৰেট খোৱা। ধূমপান, ড্ৰাগছ সেৱন এইসমূহৰ বাহিৰেও প্ৰদূষিত বায়ু, উষ্ণতাৰ উঠা-নমা, শ্বাস-প্ৰশ্বাসজনিত ৰোগ, জিনীয় কাৰণ, হাওঁফাওঁ কৰ্কট ৰোগৰ কাৰণ হ’ব পাৰে।

Leave A Reply

Your email address will not be published.