Breaking

আজি বিশ্ব প্ৰকৃতি সংৰক্ষণ দিৱস ! বিশ্ব প্ৰকৃতি সংৰক্ষণ দিৱসৰ তাৎপৰ্য…

0 23

আজি বিশ্ব প্ৰকৃতি সংৰক্ষণ দিৱস। প্ৰাকৃতিক সম্পদ সংৰক্ষণ তথা সমাজৰ প্ৰতিজন লোকৰ মাজত জাগৰণ সৃষ্টি কৰাৰ লক্ষ্যৰে উদযাপন কৰা হয় এই দিৱস ।

পৃথিৱী আমাৰ ঘৰ। কিন্তু সময়ৰ লগে লগে মানৱ জাতিয়ে পৃথিৱীৰ সম্পদ ক্ষয় কৰি বন্যপ্ৰাণী বিপন্ন কৰি নিজৰ দৈনন্দিন বিষাক্ত পদ্ধতিৰে পৃথিৱীখন প্ৰদূষিত কৰি তুলিছে। যদি আমি এতিয়ালৈকে পৃথিৱী আৰু ইয়াৰ সম্পদসমূহ সুৰক্ষিত কৰাৰ প্ৰয়োজনীয়তা বুজি নাপাওঁ, তেন্তে হয়তো বহু দেৰি হ’ব। বিশ্ব প্ৰকৃতি সংৰক্ষণ দিৱস হৈছে পৃথিৱীৰ প্ৰাকৃতিক সম্পদ, বন্যপ্ৰাণী আৰু প্ৰকৃতিৰ গুৰুত্ব আৰু ইয়াৰ দ্বাৰা বহনক্ষম জীৱনৰ বাবে সৃষ্টি কৰা ভাৰসাম্যৰ বিষয়ে বুজি পোৱাৰ দিন।প্ৰতি বছৰে ২৮ জুলাইত বিশ্ব প্ৰকৃতি সংৰক্ষণ দিৱস উদযাপন কৰা হয়।আজিৰ দিনটোত মানুহে প্ৰকৃতি সংৰক্ষণৰ গুৰুত্ব সম্পৰ্কে সজাগতা সৃষ্টি কৰে।

সকলোৰে পৰা প্ৰতিদিনে সৰু সৰু অৱদানৰ সহায়ত আমি গ্ৰহটোক ৰক্ষা কৰিব পাৰো আৰু আমাক যি প্ৰকৃতি প্ৰদান কৰা হৈছে, সেই প্ৰকৃতি পুনৰ লাভ কৰিব পাৰো। ই সুস্থ জীৱন যাপনৰ পথ আৰু অধিক মুকলি কৰিব।

সমগ্ৰ মানৱ জাতিৰ বহনক্ষম ভৱিষ্যতৰ ওপৰত সম্প্ৰতি বহু প্ৰশ্ন উত্থাপন হৈছে । সুদূৰ ভৱিষ্যতে প্ৰকৃতিৰ ওপৰত চলোৱা এনে অত্যাচাৰৰ ফলত মানৱ সমাজে এটুপাল পানী, বিশুদ্ধ বায়ুৰ বাবে হাহাঁকাৰ কৰিব লাগিব ৷ কিয়নো বিশ্ব বন্যপ্ৰাণী ফাউণ্ডেছনে (World Wildlife Fund) প্ৰদান কৰা তথ্য অনুসৰি,

1970 চনৰ পৰা মানৱ সমাজে পৃথিৱীৰ ওপৰত দিয়া হেঁচাৰ পৰিমাণ বৃদ্ধি পাইছে আৰু ইয়াৰ ফলত প্ৰাকৃতিক সম্পদৰ পৰিমাণ বহু হ্ৰাস পাইছেগৈ ৷ইয়াৰোপৰি, সমগ্ৰ বিশ্বতে 2.5 শতাংশহে বিশুদ্ধ পানী থকাৰ লগতে 70% বিশুদ্ধ পানী বৰফ আৰু হিমৰ আকাৰত আছে ৷ সেয়ে এই পৃথিৱীৰ প্ৰাকৃতিক সম্পদ ৰক্ষাৰ সৰ্বোত্তম অনুশীলন সম্পৰ্কে সচেতনতা বৃদ্ধিৰ উদ্দেশ্যে বিশ্বজুৰি ২৮ জুলাইৰ দিনটোত পালন কৰা হয় বিশ্ব প্ৰকৃতি সংৰক্ষণ দিৱস । এই দিৱস উদযাপন কৰি প্ৰকৃতি সংৰক্ষণৰ বাবে প্ৰতিজন মানুহ দায়বদ্ধ হৈ সংকল্পবদ্ধ হ’ব লাগে যাতে আমাৰ সেউজীয়া ধৰণীক চিৰকাল সেউজীয়া কৰি ৰাখিব পাৰোঁ ।

Leave A Reply

Your email address will not be published.