Breaking

আজি বিশ্ব ফটোগ্ৰাফী দিৱস ! ১৮৩৭ চনত পোন প্ৰথমে ফ্ৰান্সত উদযাপন কৰা হৈছিল বিশ্ব ফটোগ্ৰাফী দিৱস…

0 45

আজি বিশ্ব ফটোগ্ৰাফী দিৱস।দৃশ্যমান কলা হিচাপে আলোকচিত্ৰ বা ফটোৰ যুগান্তকাৰী ভূমিকাৰ কথা সৰ্বজনবিদিত।ডিজিটেল যুগতো ফটোৰ প্ৰসাৰে পাইছে বিশেষ গুৰুত্ব।প্ৰতিবছৰে ১৯ আগষ্টৰ দিনটো বিশ্ব ফটোগ্ৰাফী দিৱস হিচাপে উদযাপন কৰা হয়। ফ্ৰান্স আছিল ফটোগ্ৰাফীৰ অগ্ৰণী দেশ।

বিশ্বৰ প্ৰথম ফটোগ্ৰাফী প্ৰক্ৰিয়া ফ্ৰান্সতেই আৰম্ভ হৈছিল। ১৮৩৭ চনত যোচেফ নাইচফোৰ নিপচেৰ সহযোগত ফৰাচী ব্যক্তি লুইত ডাগোৱেৰে বিকশিত কৰিছিল এটি ফটোগ্ৰাফী প্ৰক্ৰিয়া। দুবছৰৰ অন্তত ফৰাচী বিজ্ঞান একাডেমীয়ে দুয়োৰে আৱিষ্কাৰক প্ৰশংসা কৰি ইয়াক বিশ্বৰ বাবে এক উপহাৰ বুলি অভিহিত কৰে।

১৮৩৯ চনত ১৯ আগষ্টত এই বিষয়ে ঘোষণা কৰা হৈছিল আৰু ফ্ৰান্স চৰকাৰে ফটোগ্ৰাফী পদ্ধতিৰ পেটেণ্ট ক্ৰয় কৰিছিল।তেতিয়াৰে পৰা প্ৰতিবছৰে ১৯ আগষ্টৰ দিনটো বিশ্ব ফটোগ্ৰাফী দিৱস হিচাপে পালন কৰি অহা হৈছে।

Leave A Reply

Your email address will not be published.