চাওঁতে চাওঁতে হেঁপাহৰ শাৰদীয় দুর্গা পূজা আহি পদূলিত। শৰতৰ মনোমোহা পৰিৱেশৰ মাজত দেৱী দুর্গাৰ আৰাধনা আৰম্ভ হ’বলৈ মাজত আৰু মাত্র কেইটামান দিন বাকী আছে যদিও শাস্ত্ৰ সন্মত ভাবে আজিৰ পৰা আৰম্ভ এই প্ৰক্ৰিয়া। ভাৰতীয় দর্শনমতে জীৱৰ জীৱনৰ এক গতিচক্র থাকে৷ এই গতিচক্র অন্ত পৰে মৃত্যুৰ পাছত৷ কিছু আত্মা পুনৰ পৃথিৱীলৈ ঘূৰি আহে যদিও মহান আত্মাসকলক ভগৱানে নিজৰ কাষত ৰাখে৷ মহালয়াৰ দিনটোত ইতিমধ্যে মৃত্যু হোৱা এই মহান লোকসকলৰ আত্মা ধৰালৈ নামি আহে আৰু তেওঁলোকৰ প্রতি শ্রদ্ধা আৰু পূজা কৰিবৰ বাবে এই মহালয়াৰ পালন কৰা হয়৷ হিন্দু ধর্মৰ লোকসকলে এই মহালয়াক পবিত্ৰ ভাবে পালন কৰা দেখা যায়। মহালয়াৰ অৰ্থ হল ‘মহা’ মানে ‘পৰম’ আৰু ‘লয়’ মানে বিলীন হোৱা।অৰ্থাৎ পৰমাত্মাত বিলীন হোৱা। আচলতে হিন্দু ধৰ্মত বহু মতবাদ পোৱা যায় এই মতবাদ অনুসৰি ‘লয়’ মানে তৰংগ(wave) অৰ্থাৎ য’ৰ পৰা আকৰ্ষণ-বিকৰ্ষণ শক্তিৰ সৃষ্টি হয়। তাৎপৰ্যটো হ’ল যি পৰম-তত্ত্বৰ পৰা সকলো তত্ত্বৰ জন্ম হয় আৰু য’ত সকলো বিলীন হৈ যায় সেয়ে মহালয়া। হয়টো সেইবাবেই কোৱা হয় যে মহালয়াত মৃত্যু বৰণ কৰা লোকে পৰম-গতি পায়। সেই মৃত-ব্যক্তিৰ শ্ৰাদ্ধ নকৰিলেও শ্ৰাদ্ধৰ ফল-ভাগী হয়। হিন্দু ধৰ্ম মতে এই মহালয়াত আৰম্ভ হয় দুৰ্গোৎসৱৰ লগ্ন। ঘোঁৰাত উঠি মৰ্ত্যলৈ আগমন ঘটিল শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গাৰ। আজিৰ এই দিনটোৰ পৰাই দুৰ্গতিনাশিনী দেৱী দুৰ্গাৰ বন্দনাৰে মুখৰ হৈ পৰে সমগ্ৰ ৰাজ্য।আজিৰ পৰা আৰম্ভ হয় নৱৰাত্ৰি পূজা।এই নৱৰাত্ৰি পূজাত দূৰ্গা দেৱীৰ নটা ৰূপৰ উপাসনা কৰা হয়৷ মা দূৰ্গাৰ এই নটা ৰূপ হ’ল- ১) শৈলপুত্ৰী ২) ব্ৰহ্মচাৰিনী ৩) চন্দ্ৰ ঘন্টা ৪) কুষ্মাণ্ডা ৫) স্কন্ধমাতা ৬) কাত্যায়ণী ৭) কালৰাত্ৰি ৮) মহাগৌৰী ৯)সিদ্ধিদাত্ৰী৷ এনে কাৰণতেই আজিৰ পৰা দেৱী দুৰ্গাৰ আৰাধনাত ব্যস্ত হৈ পৰে ভক্তগণ।সমগ্ৰ হিন্দু ধর্মৰ লোকসকলৰ মাজত পৰিলক্ষিত হয় মহালয়াৰ ব্যস্ততা। ঢাকৰ শব্দই ৰজনজনাই চৌদিশ। এই বিশেষ দিনটোত নৈৰ পাৰসমূহত পৰম্পৰাগত ৰীতি-নীতিৰে পূৰ্বপুৰুষক স্মৰণ কৰে উত্তৰ প্ৰজন্মই। হিন্দু ধর্মমতে, মহালয়াৰ দিনটোতে দেৱ-দেৱীকুলে দুর্গাপূজাৰ বাবে নিজকে জাগ্রত কৰে। আজিৰ দিনটোতে গংগাতীৰত প্রার্থনা কৰি ভক্তসকলে মৃত আত্মীয়-স্বজন আৰু পূর্বপুৰুষৰ আত্মাৰ মংগল কামনা কৰে। আজিৰ দিনটোত পুৱতিনিশাৰ পৰাই সমগ্ৰ দেশৰ স্থায়ী দুর্গা মণ্ডপসমূহত চণ্ডীপাঠ আৰু পূজা-অর্চনাৰে দুর্গা দেৱীক আবাহিন কৰা হয়। হিন্দুধৰ্মীয় বিশ্বাস অনুসৰি, মহালয়াৰ জৰিয়তে ধৰালৈ আগমন ঘটে শক্তিৰ অধিষ্ঠাত্ৰী দেৱীৰ। পুৰাণৰ মতে, অশুভ অসুৰ শক্তিৰ ওচৰত পৰাভূত দেৱতাসকলে স্বর্গলোকচ্যুত হোৱাৰ পিছত চাৰিওফালে আৰম্ভ হয় অশুভ শক্তিৰ প্রতাপ। এই অশুভ শক্তি বিনাশ কৰিবলৈ একত্রিত হয় দেৱতাগণ। তেতিয়াই দেৱতাৰ তেজৰশ্মিৰ পৰা আৱির্ভাৱ হয় অসুৰবিনাশিনী দেৱী দুর্গাৰ। মহালয়াৰ সময়ত ঘোৰ অমাৱস্যা থাকে। তেতিয়াই দুর্গা দেৱীৰ তেজোদ্বীপ্ত আলোকত সেই অমাৱস্যা দূৰ হয়। প্রতিষ্ঠা লাভ কৰে শুভশক্তিয়ে। জনশ্ৰুতি অনুসৰি, হিমালয়ৰ কৈলাসৰ পৰা সুদূৰ পথেৰে প্রতিবছৰে দুর্গা দেৱী সমতল ভূমিলৈ নামি আহে। লগত আহে গণেশ, কার্তিক, লক্ষ্মী আৰু সৰস্বতী। প্রতিবছৰে শৰতকালত দেৱী দুর্গাৰ এই আগমন হয়। ষষ্ঠী পূজাৰে শাৰদীয় দুর্গোৎসৱৰ আনুষ্ঠানিকতা আৰম্ভ হ’লেও মূলতঃ আজিৰ পৰাই দুর্গা দেৱীৰ আগমনৰ ধ্বনি শুনিবলৈ পোৱা যায়। উল্লেখযোগ্য যে আজিৰ দিনটোতেই অস্থায়ী মৃন্ময় মা দূর্গাৰ প্ৰতিমা সমূহত চক্ষু দান দান কৰি প্ৰাণ প্ৰতিষ্ঠা কৰা হয়। মুঠৰ ওপৰত এই মহালয়া হিন্দু সকলৰ এক বিশেষ উৎসৱ।