Breaking

আজি তিৱা স্বায়ত্ব পৰিষদৰ ভোটগ্ৰহন; তিৱা নিৰ্বাচনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ নগাঁও জিলা প্ৰশাসনৰ : ১৯ ডিচেম্বৰত হ’ব ভোটগণনা

0 1,188

নগাঁও, ১৬ ডিচেম্বৰ : তিৱা স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে নগাঁও জিলা প্ৰশাসনে। নগাঁও জিলাৰ অন্তৰ্গত ১০টা পৰিষদীয় সমষ্টিৰ বাবে ইতিমধ্যে নগাঁও চহৰৰ ডচন হাইস্কুলত নিৰ্মান কৰা হৈছে ষ্ট্ৰং ৰুম। ইপিনে,  তিৱা নিৰ্বাচনত যাতে কোনোধৰণৰ আইন-শৃংখলা পৰিস্থিতিৰ অৱনতি নঘটে তাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে। ইতিমধ্যে নগাঁও, মৰিগাঁও আৰু কামৰূপৰ পৰা বিটিচিলৈ প্ৰেৰণ কৰা নিৰাপত্তাৰক্ষীক পুনৰ ঘূৰাই অনাৰ ব্যৱস্থা কৰা হৈছে। উল্লেখযোগ্য যে, তিৱা স্বায়ত্বশাসিত পৰিষদৰ ৩৬টা সমষ্টিৰ ভিতৰত ১টাত ইতিমধ্যেই বিজেপিয়ে বিনা প্ৰতিদন্দিতাই জয়লাভ কৰিছে। অহা কাইলৈ ৩৫টা সমষ্টিৰ বাবে তিৱা স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। ইয়াৰে নগাঁও জিলাত থকা ১০টা সমষ্টিৰ ভোটগণনাৰ বাবে জিলা প্ৰশাসনে ৫টা কৈ ভোটগণনা কেন্দ্ৰ সাঁজু কৰি তুলিছে। প্ৰতিটো ভোটগণনা কেন্দ্ৰত দুটাকৈ সমষ্টিৰ ভোটগণনা কৰা হ’ব । প্ৰতি দুটা সমষ্টিৰ বাবে ১জনকৈ অতিৰিক্ত উপায়ুক্তক ৰিটাৰ্নিং বিষয়া নিয়োগ কৰা হৈছে। এইবাৰ তিৱা স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনত বিৰোধী দল কংগ্ৰেছে প্ৰচাৰৰ বাবে বহুকেইগৰাকী হাইপ্ৰফাইলক নেতাক ব্যৱহাৰ কৰা দেখা গ’ল। সাংসদ প্ৰদ্যুৎ বৰদলৈ, ৰিপুণ বৰা, ৰকিবুল হুছেইনৰ উপৰিও ন কংগ্ৰেছী তথা শিল্পী বাবু আৰু নেকিবক লৈয়ো কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই ব্যাপক প্ৰচাৰ অভিযান চলোৱা দেখা গৈছিল। ইয়াৰ বিপৰীতে বিজেপিয়ে সভাপতি ৰঞ্জিত দাস, ৰাজ্যিক মন্ত্ৰী পিযুষ হাজৰিকা, সাংসদ দিলীপ শইকীয়া, বিধায়ক ৰূপক শৰ্মা, ৰমাকান্ত দেউৰী আৰু আঙুৰলতা ডেকাক লৈ নিৰ্বাচনী প্ৰচাৰ চলাইছিল। শেষৰফালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মৰিগাঁও আৰু ৰহাৰ দুখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিছিল যদিও এইবেলি তিৱা নিৰ্বাচনত প্ৰচাৰ চলাবলৈ নাহিল বিত্তমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।

Leave A Reply

Your email address will not be published.