Breaking

সপ্তম যোগ ক্ৰীড়া প্ৰতিযোগিতাত সোণ প্ৰদকেৰে জিলিকিছে টীয়কৰ কণমাণি দেৱীনা

0 1,569

যোৰহাট যোগ সন্থাৰ উদ্যোগত অনুষ্ঠিত সপ্তম যোগ ক্ৰীড়া প্ৰতিযোগিতাত ৮ পৰা ১০ বছৰ শাখাত সোণ প্ৰদক লাভ কৰি টীয়কলৈ গৌৰৱ কঢ়িয়াই আনিছে টীয়ক বামুণপুখুৰী কমাৰ গাঁৱৰ কনমাণি দ্বিতীয় শ্ৰেণীৰ ছাত্ৰী দেৱীনা বৰাই।উল্লেখযোগ্য যে সৰুৰে পৰা ইউটিউব অথবা অভিভাৱকৰ পৰা শাৰীৰিক কচৰৎৰ প্ৰাৰম্ভিক জ্ঞান আহৰণ কৰি ঘৰতে সুন্দৰকৈ ব্যায়াম কৰিবলৈ আৰম্ভ কৰিছিল।

প্ৰথম অৱস্থাত অভিভাৱকে বাধা প্ৰদান কৰিছিল যদিও পৰৱৰ্ত্তী সময়ত কন্যাৰ এই ক্ষেত্ৰখনত আকৰ্ষণ অধিক পৰিলক্ষিত কৰি শুদ্ধকৈ আনুষ্ঠানিক শিক্ষা লাভৰ অৰ্থে যোৰহাটৰ নৱজাগৰণ যোগ কেন্দ্ৰত নাম লগাই দিয়ে আৰু তেতিয়াৰে পৰা বিভিন্ন যোগ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি দেৱীনাই পুৰস্কাৰ বুটলি শেহতীয়াকৈ ৰাজ্যিক পৰ্য্যায়ত জিলিকি উঠি ৰাজ্যক প্ৰতিনিধিত্ব কৰিবলৈ সুবিধা লাভ কৰিছে।

ছাত্ৰগৰাকীৰ এই সফলতাত এতিয়া পিতৃ বুবুল বৰা আৰু মাতৃ চিম্পাৰাণী বৰাৰ লগতে আত্মীয় তথা সকলো উৎফুল্লিত হৈ পৰিছে আৰু ছাত্ৰীগৰাকীৰ ভৱিষ্যত উজ্বল কামনা কৰিছে।ইপিনে দেৱীনাই যোগৰ সমান্তৰালকৈ নৃত্য,গীত, কবিতা তথা বিভিন্ন শৈক্ষিক বৃত্তিমূলক পৰীক্ষাতো ভাগ লৈ সফলতা লাভ কৰি সকলোকে গৌৰাম্বিত কৰি তুলিছে।লগতে এই যোগ সাধনাই যে শৰীৰ মন মগজু সকলো সুস্থ সবল কৰি ৰাখে তাক অনুভৱ কৰি দেৱীনাৰ মাতৃয়ে সকলো ছাত্ৰ ছাত্ৰীকে যোগ সাধনাৰ শিক্ষা প্ৰদান কৰিবলৈ অভিভাৱকসকলক আহ্বান জনাইছে।

Leave A Reply

Your email address will not be published.