Toilet: বিপদত পৰিব! আপোনাৰ ঘৰত এটাতকৈ অধিক শৌচাগাৰ আছে নেকি?

আপোনাৰ ঘৰত এটাতকৈ অধিক শৌচাগাৰ আছে নেকি? কিয়নো এতিয়া আপুনি শৌচাগাৰৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি কৰ দিব লাগিব। শুনি হয়তো আপোনাৰ আচৰিত যেন লাগিছে। কিন্তু, এই খবৰ সত্য। (Toilet)

এই খবৰ এখন পাহাৰীয়া ৰাজ্যৰ। ৰাজ্যখন হৈছে হিমাচল প্ৰদেশ। হিমাচল চৰকাৰৰ ঋণৰ দায়বদ্ধতা ২০২৩ চনত ৭৬,৬৫১ কোটিলৈ বৃদ্ধি পাইছে। হিমাচল প্ৰদেশৰ কংগ্ৰেছ চৰকাৰে নগৰ অঞ্চলত বসবাস কৰা লোকসকলৰ ঘৰত থকা শৌচাগাৰৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি কৰ আৰোপ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বিনামূলীয়া সামগ্ৰীকে ধৰি কল্যাণমূলক আঁচনিৰ বাবে ৰাজ্য চৰকাৰৰ আৰ্থিক দুৰ্দশা ক্ৰমাৎ বৃদ্ধি পোৱাৰ সময়তে এই কথা প্ৰকাশ কৰিছে(।Himachal Pradesh) 

খবৰ অনুসৰি সুখবিন্দৰ সিং সুখুৰ চৰকাৰে নলা-নৰ্দমা আৰু পানীৰ বিল বৃদ্ধিৰ নিৰ্দেশ দি এক অধিসূচনা জাৰি কৰি কয় যে চহৰ অঞ্চলত বসবাস কৰা লোকসকলে ঘৰৰ প্ৰতিখন শৌচাগাৰৰ আসনত ২৫ টকা মাচুল দিব লাগিব। এই অতিৰিক্ত কৰ নলা বিলৰ লগতে জল শক্তি বিভাগলৈ হস্তান্তৰ কৰা হ’ব।(Sukhvinder Singh Sukhu) 

চৰকাৰী অধিসূচনা অনুসৰি পানীৰ বিলৰ ৩০ শতাংশ নলা বিল নিৰ্ধাৰণ কৰা হ’ব। আনহাতে যিসকলে নিজাকৈ পানীৰ আহৰণ কৰে তেওঁলোকে চৰকাৰৰ নলা সংযোগ ব্যৱহাৰ কৰাৰ বাবে প্ৰতিখন শৌচাগাৰৰ আসনত ২৫ টকা মাহিলী মাচুল প্ৰযোজ্য হ’ব।(Himachal Government)

লগতে পঢ়কঃ Himanta Biswa Sarma: ২০২৬ত পুনৰ মুখ্যমন্ত্ৰী হ’ব ড॰ হিমন্ত বিশ্ব শৰ্মা: মন্ত্ৰী পীয়ূষ হাজৰিকা


Related Articles