কালিলৈ মহা শিৱৰাত্ৰি, এই চাৰি ৰাশিৰ লোকৰ বাবে বিশেষ হ’ব এইবাৰৰ শিৱৰাত্ৰি…

ভগৱান শিৱৰ বিশেষ পূজাৰ দিন বছৰত এদিন ফাগুণ মাহৰ কৃষ্ণ চতুৰ্দশীত পালন কৰা হয়। এই দিনটোত মহাশিৱৰাত্ৰিৰ পৰ্ব বুলি কোৱা হয়। এই বছৰ মহাশিৱৰাত্ৰি মঙলবাৰ, ১ মাৰ্চত পালন কৰা হ’ব। ধাৰ্মিক বিশ্বাস অনুসৰি, এই দিনটোত ভগৱান শিৱৰ পাৰ্বতীৰ সৈতে বিবাহ হৈছিল। এই তিথিটো শিৱ ভক্তসকলৰ বাবে অতি বিশেষ এই দিনটোত শিৱ ভক্তসকল সমগ্ৰ দিনটো ভগৱান শংকৰৰ ভক্তিত বিলীন হৈ থাকে। লগতে মহাদেৱক প্ৰসন্ন কৰাত ব্যস্ত থাকে। এই বছৰৰ মহাশিৱৰাত্ৰি এই চাৰিটা ৰাশিৰ জাতক–জাতিকাৰ বাবে অতি বিশেষ হ’ব।

মেষ ৰাশি : মেষ ৰাশিৰ জাতক–জাতিকাৰ ওপৰত এইবাৰ ভগৱান শিৱৰ বিশেষ কৃপাদৃষ্টি থাকিব। যাৰ ফলত তেওঁলোকে সকলো কামত সফলতা লাভ কৰাৰ সম্ভাৱনা থকাৰ লগতে নতুন চাকৰি পোৱাৰো যোগ আছে। এই ৰাশিৰ জাতক–জাতিকাই খুবল অৰ্থ উপাৰ্জন কৰিব পাৰিব। এটাতকৈ অধিক পথেৰে আহিব পাৰে ধন। ইমানেই নহয়, ধন সঞ্চয়ো কৰিব পাৰিব এই ৰাশিৰ লোকসকলে।

সিংহ ৰাশি : মহাশিৱৰাত্ৰি সিংহ ৰাশিৰ জাতক–জাতিকাৰ বাবেও অতি শুভ হ’ব। আনহাতে, বিদেশত চাকৰি বিচাৰি থকা জাতক–জাতিকাৰ সপোন পূৰণ হ’ব পাৰে। নিজৰ বছৰ সৈতে আপোনাৰ সম্পৰ্ক ভাল হোৱাৰ লগতে আপোনাৰ স্থান কৰ্মস্থলীত অধিক মজবুত হ’ব। আপোনাৰ ৰৈ থকা কাম পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। যিসকলে চৰকাৰী চাকৰিৰ প্ৰস্তুতি চলাইছে তেওঁলোকৰ বাবে সময় অনুকুল।

তুলা ৰাশি : এই সময় তুলা ৰাশিৰ জাতক–জাতিকাৰ বাবে অতি শুভ হ’ব। চাকৰিত উন্নতিৰ আশা আছে লগতে ৰৈ থকা কাম সমাধান হোৱাৰ লগতে আবদ্ধ হৈ থকা টকাও ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। কোনো কামৰ বাবে কৰা যাত্ৰাই আপোনাৰ বাবে অৰ্থ লৈ আহিব।

মকৰ ৰাশি : মকৰ ৰাশিৰ জাতক–জাতিকাৰ বাবে মহাশিৱৰাত্ৰিৰ দিনা ভগৱান শিৱৰ বিশেষ কৃপা থাকিব। ভগৱান শিৱৰ আশীৰ্বাদত আপোনাৰ সকলো কাম সমাধান হ’ব পাৰে। এই সময়ত নতুন কাম আৰম্ভ কৰাৰ বাবে অনুকুল হোৱাৰ লগতে অৰ্থ সংক্ৰান্তীয় চিন্তা দূৰ হ’ব।

Related Articles