Breaking

টংলাৰ ধৰ্মপ্ৰাণ জ্যেষ্ঠ নাগৰিক, লেখক উপেন্দ্ৰ চন্দ্ৰ ডেকাৰ স্মৃতিচাৰণ সভা

0 1,576

ওদালগুৰি জিলাৰ টংলা চাৰি নম্বৰ ওৱাৰ্ডৰ চিত্ৰ নগৰ নিবাসী ধর্মপ্ৰাণ ,সৰবৰহী ,জ্যেষ্ঠ নাগৰিক উপেন্দ্ৰ চন্দ্ৰ ডেকাৰ পবিত্ৰ স্মৃতিত আজি স্মৃতিচাৰণ অনুষ্ঠিত হয় । টংলা সাহিত্য সভাৰ সভাপতি গৌৰী শংকৰ দাস আৰু বিশিষ্ট কবি ঘটেশ্বৰ বৰুৱা সম্পাদিত ” উপাসিত উপেন “শীৰ্ষক উপেন চন্দ্ৰ ডেকা সোঁৱৰণী গ্ৰন্থখনি উন্মোচন কৰে টংলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নবীন বেজবৰুৱাই।

ওদালগুৰি জিলা সাহিত্য সভাৰ সভাপতি হৰেশ্বৰ কলিতা , অৱসৰী কৃতি শিক্ষক লোকেশ্বৰ ডেকা , গজেন্দ্ৰ কলিতা ,টংলা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মূৰব্বী অধ্যাপক ঘটেশ্বৰ বৰুৱা ,সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ মুখ্য প্ৰচাৰ সম্পাদক হেমন্ত বৰা কোচ ,সম্পাদক হেমন্ত ডেকা ,ওদালগুৰি জিলা প্ৰেছ কৰেছপণ্ডেণ্টছ ইউনিয়নৰ সম্পাদক ফটিকনন্দন ৰাভা ,টংলা প্ৰেছ ক্লাৱৰ সহ সম্পাদক অৰূপ বড়ো প্ৰমুখ্যে গণ্য মান্য ব্যক্তি উপস্থিত থকা অনুষ্ঠানৰ পূৰ্বে পুৱাৰ ভাগত বন্তি প্ৰজ্বলন , পুথি পাঠ নাম প্ৰসংগ অনুষ্ঠিত কৰা হয়।উল্লেখযোগ্য যে বাৰ্ধক্যজনিত কাৰণত চিকিৎসাধীন অৱস্থাতে ৮৯ বছৰ বয়সত ২০২১ চনত পৰলোকপ্ৰাপ্তি হৈছিল ডেকাৰ।

দহ খন ধৰ্মপুথি ৰচনা কৰা উপেন্দ্ৰ চন্দ্ৰ ডেকাৰ পুথিসমূহৰ ভিতৰত অন্যতম হ’ল–ভক্তি তত্ব নাম(তিনিটা খণ্ডত),বৈষ্ণৱ নিত্য কৰ্ম ,আত্মাৰ পৰিচয় ভাগৱত সাৰ, যুগ ধৰ্ম,বিপদ তাৰণ জীৱ মুক্ত আৰু শ্ৰী কৃষ্ণৰ ভক্তি প্ৰেম ঘোষা আৰু প্ৰেম ভক্তি প্ৰেম ঘোষামৃত ইত্যাদি।

Leave A Reply

Your email address will not be published.