Breaking

ওদালগুৰিত ক’ৰণাত আক্ৰান্ত ৯৭ গৰাকীসহ মুঠ ৯০৫ লৈ বৃদ্ধি :মৃত্যুৰ সংখ্যা ১৫ জনলৈ বৃদ্ধি

0 2,040

ৰাজ্যখনত ভয়াবহ ভাৱে বাঢ়ি অহা দ্বিতীয় পৰ্যায়ৰ কৰোনা মহামাৰী ওদালগুৰি জিলাতো দিনক দিনে  দ্ৰুতগতিত বৃদ্ধি পোৱাত জিলাখনত এক আতংকময় পৰিবেশৰ সৃষ্টি হৈছে। স্বাস্হ্য বিভাগৰ পৰা পোৱা  তথ্য অনুসৰি  ১০মেলৈ   ওদালগুৰিত ৯৭ গৰাকী  কৰোনাত আক্ৰান্ত হৈছে।এইলৈ ওদালগুৰিত দ্বিতীয় পৰ্যায়ত এক এপ্ৰিলৰ পৰা ১০ মেলৈ  আক্ৰান্তৰ সংখ্যা ৯০৫ গৰাকীলৈ বৃদ্ধি পালে। স্বাস্হ্য বিভাগৰ জনোৱা মতে  বৰ্তমানলৈ ১০মেলৈ   ৮০২ গৰাকীক পৰীক্ষা কৰাৰ পিছত ৯৭ গৰাকী দেহত  কৰোনা ধৰা পৰে।ইয়াৰ ভিতৰৰ ৯৬ গৰাকী ওদালগুৰি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন  হৈ থকাৰ বিপৰীতে ২৮৯ গৰাকী হোম আইচিলেচনত চিকিৎসাধীন আছে।সুস্হ হৈ উঠা ৪৫ গৰাকীক ঘৰলৈ যাবলৈ দিয়া হয়।ইপিনে কালিৰ তথ্য অনুসৰি ওদালগুৰিৰ কা‍ঁহিবাৰী গাঁওৰ লীনা দৈমাৰী(৮৯),হৰিশিঙাৰ নিজ জকৰা গাঁওৰ অৰুপ নাথ (৩০) আৰু টংলাৰ জালুকবাৰীৰ মহেন্দ্ৰ নাথ শৰ্মা(৬৭),মাজবাটৰ কৰ্ন উপাধ্যায় (৬৫)  নামৰ চাৰি জন লোক ক’ভিড আক্ৰান্ত হৈ মৃত্যু হোৱাত মাৰ্চ’২১ৰ পৰা এতিয়ালৈকে মৃত্যু হোৱা লোকৰ সংখ্যা ১৫ জনলৈ বৃদ্ধি পালে।সেয়ে এনে ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি সকলো ৰাইজকে  সজাগ আৰু সচেতন  হৈ মাস্ক ব্যৱহাৰ কৰাৰ লগতে সামাজিক দূৰত্ব বজাই ৰাখি কভিডৰ নীতি নিৰ্দেশনা মানি  চলিবলৈ স্বাস্হ্য বিভাগে আহ্বান জনায়।সমগ্ৰ জিলাখনত  ১০মেলৈ  ৪৫+ বছৰৰ পৰা উৰ্দ্ধত   ৬১,২৮৬গৰাকী পঞ্জীয়নভুক্ত ব্যক্তিক ভেকচিন প্ৰদান কৰা হৈছে ৷ পুৱাৰে পৰা শাৰী শাৰীকৈ লাইন পাতি  থকা পঞ্জীয়ন ভূক্ত হৈ থকা ১৮-৪৪ বছৰলৈ১৯০০শ গৰাকীক   প্ৰদান কৰা হৈছে ক’ভেস্কিন  ৷ ভেকচিন লৈ যথেষ্ট উৎফুল্লিত  হৈ পৰিছে নব যুৱ প্ৰজন্মৰ যুৱক-যুৱতীসকলে ৷

Leave A Reply

Your email address will not be published.