ওদালগুৰিত ক’ৰণাত আক্ৰান্ত ৫৯জনসহ মুঠ ৬৮৩লৈ বৃদ্ধি ,মৃত্যুৰ সংখ্যা ১১ জনলৈ বৃদ্ধি

ৰাজ্যখনত ভয়াবহ ভাৱে বাঢ়ি অহা দ্বিতীয় পৰ্যায়ৰ কৰোনা মহামাৰী ওদালগুৰি জিলাতো দিনক দিনে  দ্ৰুতগতিত বৃদ্ধি পোৱাত জিলাখনত এক আতংকময় পৰিবেশৰ সৃষ্টি হৈছে। স্বাস্হ্য বিভাগৰ পৰা পোৱা  তথ্য অনুসৰি  ৭মেলৈ ওদালগুৰিত ৫৯ গৰাকী  কৰোনাত আক্ৰান্ত হৈছে।এইলৈ ওদালগুৰিত দ্বিতীয় পৰ্যায়ত এক এপ্ৰিলৰ পৰা ৭মেলৈ  আক্ৰান্তৰ সংখ্যা ৬৮৩ জনলৈ বৃদ্ধি পালে। স্বাস্হ্য বিভাগৰ জনোৱা মতে  বৰ্তমানলৈ ৭মেত   ৫৮৬ গৰাকীক পৰীক্ষা কৰাৰ পিছত ৫৯ গৰাকী দেহত  কৰোনা ধৰা পৰে ।।ইয়াৰ ভিতৰৰ ৬৫ গৰাকী ওদালগুৰি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন  হৈ থকাৰ বিপৰীতে ২৮৩ গৰাকী হোম আইচিলেচনত চিকিৎসাধীন আছে।এতিয়ালৈকে ৫৬ গৰাকী ক’ৰণা ৰোগী সুস্হ হোৱাত ঘৰলৈ যাবলৈ দিয়া হয়। আজি কৰ’নাত ওদালগুৰি সুন্দৰিদিয়াপট্টি নিবাসী মঞ্জু দাস(৫৪)ৰ মৃত্যূ হয়।তেওঁক কালি তেজপুৰ মেডিকেল কলেজত ভৰ্তি কৰা হৈছিল।আনহাতে যোৱা ৫ মে’ত কলাইগাওঁ মডেল হস্পিতালত কভিডত আক্ৰান্ত হৈ ঘৰতে চিকিৎসাধীন হৈ থকা বাগিছাচুবা নিবাসী জয়ন্তী কুমাৰ নাথ(৪৫)ৰ ৭মেত  মৃত্যু হয়।এইলৈ মাৰ্চ’২১ৰ পৰা ওদালগুৰিত মৃত্যুৰ সংখ্যা ১১ জনলৈ বৃদ্ধি পালে।ইতিমধ্যে জিলা খনৰ ৫৪টা স্বাস্হ্য কেন্দ্ৰত ৭মেলৈ ৫৮,১৫৬ জনৰ দেহত টিকাকৰণৰ কৰা হয় বুলি জানিব পৰা গৈছে আৰু ৭মেত  ১৮ৰ পৰা ৪৪ বছৰৰ বয়সৰ লোকক ৬টা কেন্দ্ৰত ৮১৯ গৰাকীক টিকাকৰণ কৰে স্বাস্হ্য বিভাগে।সেয়ে সকলো ৰাইজকে  সজাগ আৰু সচেতন  হৈ মাস্ক ব্যৱহাৰ কৰাৰ লগতে সামাজিক দূৰত্ব বজাই ৰাখি কভিডৰ নীতি নিৰ্দেশনা মানি  চলিবলৈ স্বাস্হ্য বিভাগে আহ্বান জনায়।

Related Articles