Tourists In Himachal Pradesh: প্ৰদূষণৰ পৰা হাত সাৰিবলৈ দিল্লী, চণ্ডীগড়ৰ পৰা হিমাচললৈ দৌৰিছে পৰ্যটক

দিল্লীৰ প্ৰদূষণৰ ছবিখন দীপাৱলীৰ পৰা ভয়াৱহ। ৰাজধানী চহৰখনৰ বায়ুৰ গুণাগুণ প্ৰতিদিনে বেয়া হৈ আহিছে। কিন্তু প্ৰদূষণৰ মাত্ৰাই দীপাৱলীৰ নিশা সকলো অভিলেখ ভংগ কৰিলে। ৰাজধানী চহৰখনৰ বাসিন্দাসকলে অভিযোগ অনুসৰি পৰিস্থিতি এনে এটা স্তৰত উপনীত হৈছে যে উশাহ-নিশাহতো অসুবিধা হৈছে। দেওবাৰে দিল্লীৰ বায়ুৰ মান ৩৬৪। (Tourists In Himachal Pradesh)

দীপাৱলীৰ নিশা ৰাজধানীত ফটকা-আতচবাজীৰ দ্বলোৱাৰ পিছত প্ৰদূষণৰ মাত্ৰা বহু পৰিমাণে বৃদ্ধি পালে। গোটেই দিল্লীখন ডাঠ ধোঁৱাৰ আবৃত হৈ পৰে। (Himachal Pradesh)

কেৱল দিল্লী নহয়, পঞ্জাৱ, হাৰিয়ানা আৰু চণ্ডীগড়তো দীপাৱলীৰ পিছৰে পৰা বায়ুৰ গুণাগুণ কমিছে। গতিকে এই প্ৰদূষণৰ পৰা হাত সাৰিবলৈ আৰু কিছুদিনৰ বাবে শুদ্ধ বতাহ উশাহ ল’বলৈ এই ৰাজ্যসমূহলৈ অহা পৰ্যটকসকলে হিমাচললৈ গৈছে। সেইবাবেই দিল্লী, পঞ্জাৱ, হাৰিয়ানা আৰু চণ্ডীগড়ৰ পৰা হিমাচলৰ পাহাৰীয়া চহৰলৈ ভিৰ বাঢ়িছে পৰ্যটকৰ।(tourists flock to himachal from delhi)

ধৰ্মশালা, মানালী, কুল্লু আৰু সুন্দৰনগৰত বায়ুৰ গুণাগুণ অতি সুৰক্ষিত। ইয়াত প্ৰদূষণ কম হোৱাৰ বাবে পূৰ্বৰ বছৰৰ তুলনাত ইয়াত বায়ুৰ গুণাগুণ ৩০-৪০ শতাংশ উন্নত হৈছে। উত্তৰ ভাৰতৰ আন ৰাজ্যৰ তুলনাত হিমাচলৰ বায়ু প্ৰদূষণ কম। স্বাস্থ্যৰ বাবে ভাল আৰু সেয়েহে পৰ্যটকসকলে বাৰে বাৰে হিমাচলক বাছি লৈছে।(manali)

দিল্লীৰ এগৰাকী পৰ্যটকৰ মতে দিল্লীৰ তুলনাত হিমাচলৰ বতাহ বহু পৰিষ্কাৰ। চাৰিওফালে সেউজীয়া। গভীৰভাৱে উশাহ ল’ব পাৰি। দিল্লীৰ পৰিস্থিতি ভয়াৱহ। প্ৰদূষণ আৰু ধোঁৱা মাৰাত্মক।

আনহাতে চণ্ডীগড়ৰৰ এগৰাকী পৰ্যটকৰ কয় হিমাচললৈ আহিলে মোৰ উশাহ ল’ব পৰা যেন লাগে। চণ্ডীগড়ৰ বতাহ বিষাক্ত হৈ পৰিছে। প্ৰতি বছৰে দীপাৱলীৰ পিছত এই ছবিখন অধিক ভয়ংকৰ হৈ পৰে।

Related Articles