গেলাবিল হাইস্কুলত ঐতিহ্যময় লোকসংস্কৃতিৰ মনোজ্ঞ সভা

অসম চৰকাৰৰ শিক্ষা বিভাগৰ নিৰ্দেশ মৰ্মে বিদ্যালয়সমূহত চলি থকা লোক-সংস্কৃতিৰ অন্তৰ্গত নৃত্য ,গীত, কলা আদি বিষয়ক আখৰাৰ শোভাৰম্ভণিৰে এক মনোজ্ঞ সভাখন ১১ মাৰ্চত ওৰাঙৰ গেলাবিল হাইস্কুলত আয়োজন কৰা হয় ।বিদ্যালয়ৰ সহ-শিক্ষয়িত্ৰী গীতিমা হালৈ বৰুৱাই আতঁধৰা তথা সংস্কৃত বিষয়ৰ শিক্ষয়িত্ৰী ৰিপামণি শৰ্মাই উদ্দেশ্য ব্যাখ্যা কৰা সভাত সভাপতিত্ব কৰে প্ৰধান শিক্ষক প্ৰদীপ কুমাৰ দেই । ছাত্ৰী স্নিগ্ধা বৈশ্য ,কুহি বৰা, স্নেহা বৈশ্যৰ নেতৃত্বত এদল ছাত্ৰীয়ে সুৱদি সুৰীয়া বিয়া নামেৰে উদ্বোধন কৰে গাম্ভীৰ্যপূৰ্ণ সভাখন।

ভাৰতৰ বিভিন্ন ৰাজ্যৰ ওনাম,কথাকলি, ভাংৰা আদি লোকনৃত্য, অসমৰ বিভিন্ন জিলা তথা স্থান বিশেষৰ বৰেণ্য জাতি-জনগোষ্ঠীৰ মনস্পৰ্শী লোক নৃত্য, গীত যেনে -ওজাপালি, বিয়ানাম,বৰ ঢুলীয়া, মহ খেদা,নাগাৰা নাম,আইনাম, হুচৰি,আদিবাসী-চাহজনজাতি ,বড়ো ,নেপালী, বেংগলী ,মিচিং, ৰাভা আদি জাতি-জনগোষ্ঠীয় পৰম্পৰাগত লোক-সংস্কৃতিৰ সন্দৰ্ভত সংক্ষিপ্ত উদাহৰণ সম্বলিত আলোকপাত কৰে শিক্ষক অতুল চন্দ্ৰ নাথ,সভাৰ সভাপতি তথা প্ৰধান শিক্ষক প্ৰদীপ কুমাৰ দে-ই।

ইয়াৰ মাজতে ছাত্রীদ্বয় কুহি বৰা,স্নেহা বৈশ্যই লোকগীত পৰিবেশন,ছাত্ৰী স্নিগ্ধা বৈশ্যই নৃত্য প্ৰদৰ্শন, ছাত্ৰী ৰশ্মিৰেখা দৈমাৰীৰ নেতৃত্বত এদল ছাত্র- ছাত্ৰীয়ে অসমৰ জাতীয় সংগীত “অ’ মোৰ আপোনাৰ দেশ” সংগীতটো বড়ো ভাষাত পৰিবেশন কৰি সকলোকে মন্ত্ৰ-মুগ্ধ কৰে ।সভাপতিৰ বহুমূলীয়া মন্তব্য-বক্তব্যৰ পিছত নৱাগত শিক্ষয়িত্ৰী ৰঞ্জিতা দেৱীয়ে আগবঢ়ায় শলাগৰ শৰাই | অৱশেষত সমূহীয়াভাবে অসমৰ জাতীয় সংগীত পৰিবেশনেৰে দিনটোৰ কাৰ্যসূচীৰ সমাপ্তি কৰা হয় |

Related Articles